লখিমপুৰ, ২১ জুন: লখিমপুৰত জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি থোৱাৰ মাজতে মঙলবাৰে আৰক্ষীৰ চকুৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা কংগ্ৰেছে । দলৰ নেতা ৰাহুল গান্ধীক ই ডিয়ে জেৰা কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে (Congress protest at Lakhimpur on Rahaul Gandhi ED interrogation case) ।
জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল কৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা দিবলৈ কংগ্ৰেছ কৰ্মীৰ দলটো আগবাঢ়ে যদিও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আৰক্ষীয়ে বাধা প্ৰদান কৰে কংগ্ৰেছ কৰ্মী সকলক । জিলাখনত ১৪৪ ধাৰা জাৰি কৰি ৰখাৰ পাছতো আৰক্ষীৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছী সকলে । বিজেপিয়ে হিটলাৰী শাসন চলাইছে বুলি ধৰ্ণা দি ৰাহুল গান্ধীৰ ওপৰত চলোৱা নিৰ্যাতন বন্ধ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে কংগ্ৰেছ কৰ্মী সকলে ।
![লখিমপুৰত ১৪৪ ধাৰাৰ মাজতে কংগ্রেছৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-lakhimpur-vislbytpix-congressprotest-jibangoswami-10046_21062022125727_2106f_1655796447_326.jpg)
আৰক্ষীৰ বাধা পাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ গেটৰ সন্মুখতে বিক্ষোভ প্ৰদৰ্শন কৰি আতৰি যায় প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকল । উল্লেখ্য যে কংগ্ৰেছ দলে দেশজুৰি এইধৰণৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ ইতিমধ্যে ই ডিয়ে চাৰিবাৰকৈ জেৰা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৷
লগতে পঢ়ক: শিৱসাগৰত মটক যুৱ-ছাত্র সন্মিলনৰ প্ৰতিবাদ