ETV Bharat / state

কংগ্ৰেছে দখল কৰিব ঠেঙাল কছাৰী পৰিষদ : প্ৰদীপ গগৈ

তৎপৰ হৈ পৰিছে বিৰোধী দল কংগ্ৰেছ, সন্মুখত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Congress preparation for Thengal Kachari Autonomous Council election) ৷ ২০ জানুৱাৰীত মুঠ ২২ টা সমষ্টিত অনুষ্ঠিত হ'ব এই নিৰ্বাচন ৷

congress prepare for Thengal Kachari Autonomous Council election
শাসকীয় দল বিজেপিয়ে নহয় কংগ্ৰেছে দখল কৰিব ঠেঙাল কছাৰী পৰিষদ : প্ৰদীপ গগৈ
author img

By

Published : Jan 12, 2022, 1:26 PM IST

লখিমপুৰ, 12 জানুৱাৰী : সন্মুখত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ ২২টা পৰিষদীয় সমষ্টিত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ৩১ ডিচেম্বৰ ৷ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছিল ৩ জানুৱাৰীৰ দিনটো ৷

congress prepare for Thengal Kachari Autonomous Council election
ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ (Thengal Kachari Autonomous Council election) বাবে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ প্ৰতিটো ৰাজনৈতিক দলে নিজা পচন্দৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ উদ্দেশ্যে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে (congress preparation for Thengal Kachari Autonomous Council election) ৷

ইফালে, শাসকীয় দল বিজেপিয়ে নহয় কংগ্ৰেছেহে দখল কৰিব ঠেঙাল কছাৰী পৰিষদ । কংগ্ৰেছে এশ শতাংশই দখল কৰিব ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ- এই দাবী কৰিলে লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি প্ৰদীপ গগৈয়ে ৷ উল্লেখ্য যে, 2022 বৰ্ষৰ ২০ জানুৱাৰীত ৰাজ্যৰ পাঁচখন জিলাক সামৰি থকা পৰিষদখনৰ মুঠ ২২ টা সমষ্টিত অনুষ্ঠিত হ'ব এই নিৰ্বাচন ৷

সন্মুখত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

শাসকীয় দল বিজেপিয়ে মিত্ৰ দল অগপৰ সৈতে যৌথভাৱে সমষ্টিসমূহত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছ দলেও প্ৰতিটো সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । এফালে মিত্ৰজোঁট আৰু আনফালে বিৰোধী দল কংগ্ৰেছৰ মাজত এই পৰিষদীয় নিৰ্বাচনত এখন থৈয়া-নথৈয়া যুঁজ পৰিলক্ষিত হ'ব ।

কিয়নো বিগত বিধানসভা নিৰ্বাচনৰ পৰাজয়ৰ পোতক তোলাৰ লগতে কংগ্ৰেছে এক সন্মানৰ বিষয় হিচাপে লৈছে এই পৰিষদীয় নিৰ্বাচনক । লখিমপুৰ পৰিষদৰ ৫ টা সমষ্টিৰ প্ৰতিটোতে কংগ্ৰেছে প্ৰাৰ্থী দিয়াৰ বিপৰীতে বিজেপি দলে চাৰিটাতে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰে ৷ তদুপৰি গেৰুৱা দলটোৱে এটা সমষ্টি অগপক এৰি দিছে ।

আনহাতে, ৫ জনকৈ নিৰ্দলীয় প্ৰাৰ্থীয়েও ভূমুকি মাৰিছে সমষ্টিকেইটাত । ইফালে জিলাখনৰ ৫ টা সমষ্টিত ঠিয় দিয়া ১৫ জনকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৯ হেজাৰ ২৯৩ গৰাকী ভোটাৰে । বৰ্তমান শাসক-বিৰোধী উভয় দলে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ দখলৰ বাবে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰস্তুতি ৷

লগতে পঢ়ক : Thengal Kachari Parishad Election: ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.