ETV Bharat / state

দুই কংগ্ৰেছীৰ বিধায়ক পদ খাৰিজৰ দাবীত মুণ্ডন - ৰাজ্যসভা নিৰ্বাচন 2022

ৰাজ্যসভা নিৰ্বাচনত(Rajya Sabha Election Result 2022) কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাস আৰু বিধায়ক ছিদ্দিক আহমেদৰ ভূমিকাত সৰৱ লৈ পৰিছে দলটোৰ শীৰ্ষ নেতৃত্বৰ লগতে বিভিন্ন জিলা কমিটিৰ নেতা-কৰ্মী ৷ বিধায়ক দুগৰাকীৰ পদ খাৰিজৰ দাবীত শুকুৰবাৰে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা কংগ্ৰেছৰ সম্পাদক ৰাতুল বৰাই ৷

Congress Leader shaved his head
দুই কংগ্ৰেছীৰ বিধায়ক পদ খাৰিজৰ দাবীত মুণ্ডন
author img

By

Published : Apr 1, 2022, 3:01 PM IST

লখিমপুৰ, ১ এপ্ৰিল : ৰাজ্যসভা নিৰ্বাচনত(Rajya Sabha Election Result 2022) একাংশ দলীয় বিধায়কৰ ভূমিকাত এতিয়া ক্ষুদ্ধ হৈ পৰিছে কংগ্ৰেছৰ নেতা-কৰ্মীসকল । এইসকল দলীয় কৰ্মীৰ বিৰুদ্ধে ক্ৰমে সৰৱ হৈ পৰিছে বিভিন্ন জিলা-কমিটিসমূহৰ নেতা-কৰ্মী ৷ লখিমপুৰ জিলা কংগ্ৰেছৰ এজন নেতা শুকুৰবাৰে মুণ্ডন কৰি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰে(Congress Leader protest at Lakhimpur) ৷

লখিমপুৰৰ ৰাজীৱ ভৱনৰ সন্মুখত মুণ্ডনেৰে প্ৰতিবাদ কৰে লখিমপুৰ জিলা কংগ্ৰেছৰ সম্পাদক ৰাতুল বৰাই । বৰাই মুণ্ডনস্থলীৰ পৰা নিলম্বিত বিধায়ক শশীকান্ত দাস আৰু বিধায়ক ছিদ্দিক আহমেদৰ বিধায়ক পদ খাৰিজৰ দাবী জনায় ৷ তেওঁ লগতে এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰাৰ পৰা কংগ্ৰেছ নেতৃত্বক বিৰত থকাৰ আহ্বান জনায় ।

দুই কংগ্ৰেছীৰ বিধায়ক পদ খাৰিজৰ দাবীত মুণ্ডন

বৰাই লগতে বিধায়কদ্বয়ে দলক বিশ্বাসঘাটকতা কৰি নৱ প্ৰজন্মৰ ওচৰত ঘৃণাৰ ৰাজনীতি প্ৰতিষ্ঠা কৰা বুলি ক্ষোভ ব্যক্ত কৰে ৷ তেওঁ কংগ্ৰেছৰ টিকটত জিকি কংগ্ৰেছকে প্ৰতাৰণা কৰা বিধায়কদ্বয়ক কোনোকালেই দলত প্ৰশ্ৰয় নিদিবলৈও আহ্বান জনায় ।

লগতে পঢ়ক : Rajya Sabha Election 2022: ছিদ্দিক আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.