ETV Bharat / state

কংগ্ৰেছ-এআইইউডিএফ অসম আৰু অসমীয়াৰ শত্ৰু: সৰ্বানন্দ সোণোৱাল - অসমীয়াৰ জাতীয় জীৱন

বিহপুৰীয়াৰ শিমলুগুৰিত ড° অমিয় কুমাৰ ভূঞাৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ আৰু এআইইউডিএফক অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ প্ৰধান শত্ৰু বুলি অভিহিত কৰে ৷ অসমীয়াৰ অস্তিত্ব ৰক্ষা কেৱল বিজেপি চৰকাৰৰ দ্বাৰাহে সম্ভৱ বুলি উল্লেখ কৰে সোণোৱালে ৷

কংগ্ৰেছ আৰু এআইইউডিএফ অসম আৰু অসমীয়াৰ শত্ৰুঃ সৰ্বানন্দ সোণোৱাল

author img

By

Published : Mar 18, 2021, 8:15 PM IST

বিহপুৰীয়া,18 মাৰ্চঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বৃহস্পতিবাৰে ১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ড° অমিয় কুমাৰ ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বিহপুৰীয়াৰ শিমলুগুৰিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ আৰু এআইইউডিএফক অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ প্ৰধান শত্ৰু বুলি অভিহিত কৰে ৷ অসমীয়াৰ অস্তিত্ব ৰক্ষা কেৱল বিজেপি চৰকাৰৰ দ্বাৰাহে সম্ভৱ বুলি উল্লেখ কৰে সোণোৱালে ৷ ২৭ মাৰ্চত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা জাতি-বৰ্ণ নিৰ্বিশেষে অমিয় কুমাৰ ভূঞাক ভোট দিবলৈ ৰাইজক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ।

কংগ্ৰেছ আৰু এআইইউডিএফ অসম আৰু অসমীয়াৰ শত্ৰুঃ সৰ্বানন্দ সোণোৱাল

ইপিনে সমষ্টিবাসীৰ হৈ মুখ্যমন্ত্ৰীক ফুলাম গামোচাৰে আদৰণি জনোৱা মুহুৰ্তত মুখ্যমন্ত্ৰীৰ ভৰিত সাষ্টাংগে প্ৰণাম জনাই মিত্ৰজোঁটৰ প্ৰাৰ্থী অমিয় কুমাৰ ভূঞাই ৷ বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত দেবানন্দ হাজৰিকাই নিৰ্বাচনী সভাখনত উপস্থিত নথকা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰে ৷ সভাখনত সাংসদ পল্লৱ লোচন দাস, ৰাজ্যিক বিজেপিৰ উপ সভাপতি জয়ন্ত দাস, জনজাতি মৰ্চাৰ সভাপতি হৰেন দেউৰী, কিষাণ মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰা, অগপৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়কঃ মোডী-সোণোৱাল চৰকাৰলৈ কংগ্ৰেছৰ পুনৰ 10 টা প্ৰশ্ন...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.