লখিমপুৰ, ২৬ আগষ্ট: চাহ জনগোষ্ঠীৰ দুই ছাত্র সংগঠনৰ যুযুধান স্থিতি। আটছাৰ সকীয়নিৰ বিপৰীতে আছাৰো হুংকাৰ । অসমৰ অন্যতম বৃহৎ চাহ উদ্যোগৰ লগত জড়িত চাহ জনগোষ্ঠীৰ দুই ছাত্র সংগঠনৰ সংঘাতে মূৰ্তৰূপ ধাৰণ কৰিছে । সদৌ আদিবাসী ছাত্র সন্থা চমুকৈ আছা আৰু সদৌ চাহ জনজাতি ছাত্র সন্থা চমুকৈ আটছাৰ মাজত সংঘাত সৃষ্টি হৈছে । আছাৰ কেন্দ্রীয় সভাপতি প্ৰদীপ নাগৰ কেতবোৰ বক্তব্যৰ প্ৰতিবাদত আটছাই প্ৰতিবাদ জনাই তেওঁক দালাল, জাতিদ্ৰোহী আখ্যা দি সকীয়নি দিয়াৰ পাছত আছায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আটছাক উভতি ধৰিছে ।
উল্লেখ্য যে কিছুদিন পূৰ্বে আছাৰ কেন্দ্রীয় সভাপতি প্ৰদীপ নাগে জনগোষ্ঠীটোক আদিবাসী ৰূপে পৰিচয় প্ৰদান কৰা সন্দৰ্ভত বক্তব্য প্ৰদান কৰিছিল । এই লৈ তীব্র প্রতিক্রিয়া প্ৰকাশ কৰে আটছাই । আটছাই দুদিনমানৰ আগতে লখিমপুৰৰ কয়লামাৰীৰ বাহবাৰী খেলপথাৰত এক গণ সমাবেশৰ আয়োজন কৰি আছাৰ সভাপতি প্ৰদীপ নাগক তেওঁৰ বক্তব্যৰ বাবে ধিক্কাৰ দিয়ে । প্ৰদীপ নাগক জাতিৰ দালাল আখ্যা দি চাহ জনগোষ্ঠীৰ ওপৰত মন্তব্য নিদিবলৈ গণ সমাবেশৰ জৰিয়তে সকীয়াই দিয়ে আটছাৰ নেতৃত্বই ।
আটছাৰ কেন্দ্রীয় উপ-সভাপতি অৰূপ বৰাইকে চাহ জনগোষ্ঠীৰ বাবে একো নকৰা প্ৰদীপ নাগে কেৱল দালালি কৰা বুলি আখ্যা দি তেওঁক সংযত হ'বলৈ হুংকাৰ দিয়ে । জনগোষ্ঠীটোৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিলে আটছা বহি নাথাকে বুলিও তেওঁ প্ৰদীপ নাগক সকীয়াই দিয়ে ।
আটছাৰ এনে সকীয়নিৰ বিপৰীতে আছায়ো আটছাক সকীয়নি দিয়ে । শনিবাৰে আছাৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক ডেভিড মালীয়ে এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰি আটছাক সকীয়নি দি কয় যে প্ৰদীপ নাগৰ বিৰুদ্ধে আটছাই বিৰূপ মন্তব্য কৰি থাকিলে আছাও হাত সাবতি বহি নাথাকে । প্ৰদীপ নাগক আটছাই দালাল আদি আখ্যা দিয়াৰ বাবে তেওঁ আটছাক গৰিহণা দিয়ে । তেওঁ কয় যে আদিবাসী সমাজখনৰ বাবে প্ৰদীপ নাগৰ অৰিহণা আছে । প্ৰদীপ নাগ আদিবাসী সমাজৰ এক বলিষ্ঠ কণ্ঠ । জনগোষ্ঠীটোক আদিবাসী নামেৰে চিনাকি দিয়াৰ পৰা বিভিন্ন সমস্যা সন্দৰ্ভত তেওঁ ভূমিকা লৈ আহিছে। আছাই ১৯৯৫ চনৰ পৰা আদিবাসী সকলৰ বিভিন্ন সমস্যা সমাধান কৰাৰ হকে যুঁজ দি অহা বুলি তেওঁ উল্লেখ কৰি আছাৰ কেন্দ্রীয় নেতৃত্বৰ বিৰুদ্ধে আটছাই এনেদৰে বিৰূপ মন্তব্য কৰি থাকিলে আছাই হাত সাৱটি বহি নাথাকে বুলি সকীয়াই দিয়ে ।
লগতে পঢ়ক:AATSA vs AASA: প্ৰদীপ নাগৰ বিৰুদ্ধে গৰজি উঠিল আটছা