বিহপুৰীয়া, 29 ডিচেম্বৰ: এখন ই ৰিক্সা কিনি অৰ্থ উপাৰ্জনৰ পথ বাছি লোৱা এজন যুৱকৰ জীৱনলৈ নামি আহিল অমানিশা । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জৰাবাৰী গাঁৱৰ এই দুৰ্ভগীয়া যুৱকজনৰ নাম প্ৰসন্ন বৰা ।
নিজৰ সাঁচতীয়া কেইটামান ধন আৰু মহেন্দ্ৰ কোম্পানীৰ পৰা ঋণ লৈ কিনা ই-ৰিক্সা খন বিগত তিনি মাহেই গেৰেজতে পেলাই থ'ব লগা হৈছে । যাৰ ফলত উপাৰ্জন নহয় গাড়ীখনৰ বাবদ প্ৰতিমাহে ৮ হেজাৰকৈ ঋণৰ কিস্তি দিব লগা হোৱাত এক প্ৰকাৰৰ জুৰুলা হৈ পৰিছে যুৱকজন ।
উল্লেখ্য যে,এই ক্ষেত্ৰত মহেন্দ্ৰ কোম্পানীক তেওঁৰ দুৰ্দশাৰ কথা অৱগত কৰিছে যদিও বৰ্তমানলেকে কোনো গুৰুত্ব প্ৰদান কৰা নাই কোম্পানী কৰ্তৃপক্ষই ৷ অৱশেষত আইনৰ কাষ চপাৰ সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিছে দিশহাৰা যুৱকজনে ৷
লগতে পঢ়ক:প্ৰয়াত অধ্যাপক কোষেশ্বৰ বৰুৱাক 'ৰত্নপুৰ বঁটা' প্ৰদান