ETV Bharat / state

লখিমপুৰত সতীৰ্থৰ আক্ৰমণত আহত বনকৰ্মী

author img

By

Published : Mar 26, 2022, 7:31 PM IST

লখিমপুৰত দুই বনকৰ্মীৰ মাজৰ খণ্ডযুদ্ধই ল’লে চূড়ান্ত ৰূপ ৷ বনকৰ্মীৰ দাৰ ঘাপত আহত হৈ চিকিৎসাধীন হ’বলগীয়া হ’ল সতীৰ্থ (Colleague attacked by forest guard in Lakhimpur)৷

Colleague attacked by forest guard in Lakhimpur
লখিমপুৰত সতীৰ্থৰ আক্ৰমণত আহত বনকৰ্মী

লখিমপুৰ, ২৬ মাৰ্চ: লখিমপুৰত দুই বনকৰ্মীৰ মাজত খণ্ডযুদ্ধ । পৰিণতিত চোকা দাৰ ঘাপত আহত হৈ এজন চিকিৎসাধীন হ’বলগীয়া হয় । লখিমপুৰৰ কাকৈ বন শিবিৰত সংঘটিত হয় এই অঘটন (Colleague attacked by forest guard in Lakhimpur)।

ঘটনাটোত সতীৰ্থৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয় এজন বনকৰ্মী ৷ কাকৈ সংৰক্ষিত বনখণ্ডৰ অন্তৰ্গত দীৰ্ঘাৰ বন শিবিৰত সংঘটিত হয় এই ঘটনা । গোলাপ গগৈ নামৰ সতীৰ্থ বনকৰ্মীৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয় গমন সোণোৱাল নামৰ বনকৰ্মীজন ৷

লখিমপুৰত সতীৰ্থৰ আক্ৰমণত আহত বনকৰ্মী

শুকুৰবাৰে নিশা দীৰ্ঘাৰ বন শিবিৰত থকা অৱস্থাত দুই সতীৰ্থৰ মাজত প্ৰথমে সৃষ্টি হৈছিল বাক বিতণ্ডাৰ ৷ ইয়াৰ পিছতে হতাহতি হোৱাৰ লগতে গোলাপ গগৈ নামৰ বনকৰ্মীজনে সতীৰ্থ গমন সোণোৱালক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ সতীৰ্থ গমন সোণোৱালক চোকা দাৰে ঘপিয়াই শিবিৰৰ কোঠাত আৱদ্ধ কৰি পলায়ন কৰে গোলাপ গগৈয়ে ৷ ঘটনাৰ পিছতে আঘাতপ্ৰাপ্ত গমন সোণোৱালক স্থানীয় বন বিষয়া আৰু পৰিয়ালৰ সহযোগত আৱদ্ধ কোঠাৰ পৰা উদ্ধাৰ কৰি উত্তৰ লখিমপুৰ চিকিৎসালত ভৰ্তি কৰোৱা হয় ৷

সহকৰ্মীৰ মাজতে সংঘটিত হোৱা এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে কাকৈ সংৰক্ষিত বনখণ্ডৰ অন্তৰ্গত দীৰ্ঘাৰ বন শিবিৰত ।

লগতে পঢ়ক: নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল বিস্ফোৰণত নিহত তিনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.