লখিমপুৰ,20ফেব্ৰুৱাৰীঃ অৰুণাচলৰ ৰাজ্যিক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণৰ উদ্দেশ্যে লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত বৃহস্পতিবাৰে উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ শ্বাহক উষ্ম আদৰণি জনোৱাৰ উদ্দেশ্যে বিমানবন্দৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নৱ দলে আদি ৷
দিল্লীৰ পৰা লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে অভিবাদন গ্ৰহণ কৰে ৷ তাৰপিছত হেলিকপ্তাৰযোগে অৰুণাচললৈ ৰাওনা হয় শ্বাহ ৷ অনুষ্ঠানৰ অন্তত পুনৰ লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰি দিল্লীলৈ ৰাওনা হ’ব গৃহমন্ত্ৰীগৰাকী ৷
লগতে চাওকঃউত্তৰ গুৱাহাটীৰ মাজগাঁৱত সংঘটিত পথ দুৰ্ঘটনাত নিহত পথচাৰী