ETV Bharat / state

ৰাজ্যজুৰি ছবিগৃহৰ মালিক-কৰ্মচাৰীৰ প্ৰতিবাদ - প্ৰায় ২ বছৰ ধৰি বন্ধ হৈ আছে অসমৰ ছবিগৃহসমূহ

ক'ভিড পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে ৰাজ্যৰ ছবিগৃহসমূহ । ৰাজ্যত ক'ভিডৰ সংক্ৰমণ হ্ৰাস হোৱাৰ লগে লগে বিভিন্ন ক্ষেত্ৰত শিথিলতা জাৰি কৰা হৈছে যদিও এতিয়ালৈ মুকলি কৰি দিয়া নাই ছবিগৃহবোৰ । যাৰ বাবে চৰম সংকটত পৰিছে ছবিগৃহৰ মালিক তথা কৰ্মচাৰীসকল ।

Cinema hall
ছবিগৃহৰ মালিক কৰ্মচাৰীৰ প্ৰতিবাদ
author img

By

Published : Sep 19, 2021, 3:47 PM IST

Updated : Sep 19, 2021, 5:09 PM IST

লখিমপুৰ,১৯ ছেপ্টেম্বৰ : কৰ'ণা (Corona) মহামাৰীয়ে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাইছে । বহুতৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে কৰ'ণা মহামাৰী । বিভিন্ন ক্ষেত্ৰৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনটো মহামাৰীৰ যথেষ্ট প্ৰভাৱ পৰা দেখা গৈছে ।

ছবিগৃহৰ মালিক কৰ্মচাৰীৰ প্ৰতিবাদ

ক'ভিড (Covid) পৰিস্থিতিৰ বাবে বিগত প্ৰায় ২ বছৰ ধৰি বন্ধ হৈ আছে অসমৰ ছবিগৃহসমূহ (Cinema Hall) । যাৰ বাবে এই ছবিগৃহৰ মালিক তথা কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ লগে লগে ভাৰতৰ বিভিন্ন স্থানত ছবিগৃহবোৰ মুকলি কৰি দিয়া হৈছে যদিও এতিয়ালৈ অসম চৰকাৰে (Assam Government) ৰাজ্যখনৰ ছবিগৃহবোৰৰ বাবে কোনো বিশেষ ঘোষণা কৰা নাই । যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ছবিগৃহৰ মালিক তথা কৰ্মচাৰীসকল ।

ইফালে আৰ্থিক সংকটত পৰা ৰাজ্যৰ ছবিগৃহবোৰৰ মালিক তথা কৰ্মচাৰীসকলক চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে ওলাই অহা দেখা গ'ল । লখিমপুৰ জিলাতো দেখা গ'ল প্ৰতিবাদ । লখিমপুৰৰ বিশ্ব টকীজ ছবিগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে ছবিগৃহ কতৃপক্ষ তথা কৰ্মচাৰীসকলে ।

তেওঁলোকৰ দাবী অতি শীঘ্ৰে চৰকাৰে মুকলি কৰি দিব লাগে ছবিগৃহসমূহ । কিয়নো ৰাজ্যৰ হাজাৰ হাজাৰ লোক এই উদ্যোগৰ লগত জড়িত । কিন্তু প্ৰায় ২ বছৰ ধৰি ছবিগৃহবোৰ বন্ধ হৈ থকাত এতিয়া তেওঁলোকৰ মাজক হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে । সেয়ে কৰ'ণা পৰিস্থিতি কিছু সুস্থিৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ছবিগৃহবোৰ মুকলি কৰি দিব লাগে বুলি দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ।

ক'ভিড বিধি (Covid protocol) অনুসৰি পঞ্চাশ শতাংশ লোকৰ বাবে হ'লেও ছবিগৃহ মুকলি কৰি দিবলৈ দাবী জনায় কৰ্মচাৰী সকলে । দুৰ্গাপূজাৰ সময়চোৱাক এই উদ্যোগটোৰ বাবে গুৰুত্বপূৰ্ণ সময় হিচাপে বিবেচনা কৰা হয় । সেয়ে পূজাৰ পূৰ্বে ৰাজ্যৰ ছবিগৃহবোৰ মুকলি কৰি দিবলৈও চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত হেৰ'ইনসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

Last Updated : Sep 19, 2021, 5:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.