ETV Bharat / state

লখিমপুৰত ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে ষঠ পূজা উদযাপন - Chhath Puja in Lakhimpur

দেওবাৰে ৰাজ্যজুৰি ষঠ পূজা উপলক্ষে ব্যাপক আনন্দ-উল্লাস সৃষ্টি হয় । চৌদিশে ভক্তপ্ৰাণ ৰাইজে পূজাৰ আনন্দ উল্লাসত নিজকে বিলীন কৰি দিয়ে । ৰাজ্যৰ আন ঠাইৰ লগতে লখিমপুৰতো চৌদিশে উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় ।

Chhath Puja Celebrations In Lakhimpur
উখল-মাখল পৰিৱেশ
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 6:08 PM IST

ষঠ পূজা উপলক্ষে ব্যাপক আনন্দ-উলাহ

লখিমপুৰ, 19 নৱেম্বৰ : লখিমপুৰত ষঠ পূজা উপলক্ষে উখল-মাখল পৰিৱেশ ৷ জিলাখনৰ 46 টা ঘাট আৰু মন্দিৰত দেওবাৰে ষঠ পূজাৰ আয়োজন কৰা হৈছে ৷ মূলত হিন্দীভাষী লোকসকলৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰা এই ষঠ পূজা উপলক্ষে ব্যাপক উৎসাহ ভৰা পৰিৱেশৰ সৃষ্টি হয় ৷

জিলাখনৰ লখিমপুৰ সদৰ থানাৰ এলেকাত 9 ঠাইত, নাৰায়ণপুৰ থানা এলেকাত 2 ঠাইত, বিহপুৰীয়া থানা এলেকাত 10 ঠাইত, লালুক থানা এলেকাত 9 ঠাইত, বগীনদী থানা এলেকাত 6 ঠাইত, ঢকুৱাখনা থানা এলেকাত 5 ঠাইত, ঘিলামৰা থানা এলেকাত 4 ঠাইত আৰু পানী গাঁও থানা এলেকাত 1 ঠাইত এই পূজা আয়োজন কৰা হৈছে ৷ মূলত সূৰ্য দেৱতাৰ সন্তষ্টিৰ হকে এই পূজা পালন কৰা হয় ৷ তিনিদিন ধৰি কঠোৰ ব্ৰত পালনৰ অন্তত পুৰুষ-মহিলা উভয়েই সূৰ্য দেৱতাৰ সন্তুষ্টিৰ হকে নৈৰ ঘাট সমূহত পূজা কৰে ৷

উল্লেখ্য যে, এই পূজা সূৰ্য অস্ত আৰু উদয়ৰ সময়ত কৰা হয় ৷ দেওবাৰে সূৰ্যাস্তৰ সময়ত আৰু সোমবাৰে সূৰ্যোদয়ৰ সময়ত এই পূজা আয়োজন কৰা হৈছে ৷ পূজা উপলক্ষে যিহেতু নিশাৰ পৰাই বিভিন্ন পূজা ঘাটত ভক্তৰ ভিৰ হ’ব সেয়েহে নিৰাপত্তাৰ বাবে সষ্টম হৈ পৰিছে জিলাৰ আৰক্ষী বিভাগ ৷ পূজা ঘাটসমূহত তন্নতন্নকৈ চকু দিয়াৰ লগতে আৰক্ষী আৰু আৰক্ষীৰ বিশেষ শাখাৰ লোকক নিয়োগ কৰা হৈছে ৷

ভক্তৰ সুৰক্ষাৰ বাবে আৰক্ষীয়ে বিভিন্ন সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ অনুকুল বতৰ লাভ কৰি ভক্তপ্ৰাণ ৰাইজ ষঠ পূজাৰ ভক্তিমাৰ্গত নিজকে বিলীন কৰি দিছে ৷ নগৰৰ খেলমাটি এলেকাৰ সোমদিৰি নৈৰ ঘাটত বিয়লিৰ পৰা বিৰ দি বাট নোপোৱা অৱস্থা সৃষ্টি হয় ৷ সকলোৱে নৈৰ ঘাটৰ পূজা স্থলীত সূৰ্য দেৱতাৰ সন্তষ্টিৰ হকে পূজা কৰিবলৈ উবুৰি খাই পৰে ৷

লগতে পঢ়ক : নলবাৰীৰ বৰতলাত বাইকৰ মুখামুখি সংঘৰ্ষত আহত তিনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.