লখিমপুৰ,17 অক্টোবৰ : মঙলবাৰে লখিমপুৰৰ ভীমপৰা গৰৈমাৰী অঞ্চলত কংগ্ৰেছৰ ‘‘চাঙে চাঙে কংগ্রেছ শীর্ষ’’ক কাৰ্যসূচী অনুষ্ঠিত হয় ৷ উক্ত কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক ৰকিবুল হুছেইন, মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচার্যৰ লগতে জিলা পৰ্যায়ৰ নেতা উপস্থিত থাকে ৷
‘‘চাঙে চাঙে কংগ্রেছ শীর্ষ’’ক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সভাপতি বৰাই কয় যে, কংগ্রেছৰ এই যাত্রাই জনজাতীয় এলেকাত অভূতপূর্ব সহাৰি লাভ কৰিছে । ৰাইজে কংগ্রেছৰ আগত মনৰ কথা খুলি কৈছে । বিজেপিৰ অপশাসন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজন-তোষণে ৰাইজক আমুৱাইছে । ৰাইজ অতিষ্ঠ হৈ ওলাই আহিছে ।
‘‘অসমখনক বিজেপিয়ে জংঘলৰাজ বনাইছে ৷ মাৰ্ঘেৰিটাৰ বিধায়কে দিন দুপৰতে ফেক্টৰী কাঢ়ি লৈছে । কাৰ্বি আংলঙত হাজাৰ হাজাৰ বিঘা মাটি কিনি লৈছে । পাহাৰ, বাগান সকলোতে এতিয়া কেইটামান পৰিয়ালে দখল কৰিবলৈ লৈছে । সেই পৰিয়াল কেইটাৰ পৰা অসমখনক মুক্ত কৰিব লাগিব ৷ আনহাতে লখিমপুৰত বিজেপিক প্ৰতিষ্ঠা কৰা লোকসকল অচিৰেই কংগ্রেছত যোগদান কৰিব ।’’ এই মন্তব্য সভাপতি বৰাৰ ৷
কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচার্য কয় যে, বিজেপিৰ কংগ্রেছ মুক্ত অসম অথবা কংগ্রেছ মুক্ত ভাৰত এটা আত্মসন্তুষ্টি লোৱাৰ শ্লোগানহে । তাৰ বাদে একো নহয় । শাসকীয় দল এতিয়া ৰাইজৰ পৰা বহু দূৰত । কংগ্রেছৰ শাসন কালত প্ৰয়োজন অনুসৰি কংগ্রেছে সকলো দিব পৰা নাছিল । কিন্তু ৰাইজে মনৰ পৰা দলটোক আঁতৰাই ৰখা নাই । শাসকীয় দলে ৰাইজৰ শক্তিৰ উমান পোৱা নাই । ইফালে সাধাৰণ ৰাইজে বিদ্যুতৰ বিল দিব নোৱাৰি হাহাকাৰ কৰিব লগীয়া হৈছে ।
লগতে পঢ়ক:Rakibul Hussain : পতনৰ আগে-আগে কংগ্ৰেছে কোৱা কথাবোৰ চেৰেং চেৰেংকৈ মনত পৰিছে ৰকিবুল হুছেইনৰ