ETV Bharat / state

Coonoor chopper crash : বিবেক কুমাৰৰ মৃত্যুত দুখৰ মাজতো গৰ্ব অনুভৱ জ্যেষ্ঠ ভাতৃৰ

কুন্নুৰত বুধবাৰে সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত (Indian Army chopper crash) প্ৰাণ হেৰুওৱা বিবেক কুমাৰক লৈ গৰ্ব অনুভৱ কৰিছে জ্যেষ্ঠ ভাতৃয়ে ৷ দেশৰ বাবে তেওঁৰ ভাতৃ শ্বহীদ হ’ল বুলি উল্লেখ মনোজ কুমাৰৰ ৷

author img

By

Published : Dec 9, 2021, 5:52 PM IST

Coonoor chopper crash
Coonoor chopper crash

লখিমপুৰ, ৯ ডিচেম্বৰ : তামিলনাডুৰ কুন্নুৰত বুধবাৰে সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ মাজত আছিল জেনেৰেল বিপিন ৰাৱাটৰ ব্যক্তিগত নিৰাপত্তা বিষয়া বিবেক কুমাৰ (CDS Gen Rawat's PSO Vivek Kumar)। ভাতৃৰ প্ৰাণাহুতিত দুখৰ মাজতো গৰ্ব অনুভৱ কৰিছে বিবেক কুমাৰৰ জ্যেষ্ঠ ভাতৃ মনোজ কুমাৰে (Vivek Kumar's elder brothers reaction)। বিপিন ৰাৱটৰ সৈতে মৃত্যু হোৱা বিবেক কুমাৰৰ জ্যেষ্ঠ ভাতৃ মনোজ কুমাৰে উল্লেখ কৰিছে যে দেশৰ বাবেই শ্বহীদ হ’ল বিবেক কুমাৰ ।

উল্লেখ্য যে, কৰ্মসূত্ৰে মাজে সময়ে লখিমপুৰত থাকে বিবেক কুমাৰৰ জ্যেষ্ঠ ভাতৃ মনোজ কুমাৰ । বুধবাৰে দেশ কঁপাই যোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত জেনেৰেল বিপিন ৰাৱটৰ সৈতে প্ৰাণ হেৰুৱাই বিবেক কুমাৰে (Vivek Kumar died in Coonoor chopper crash)। বিবেক কুমাৰ সন্দৰ্ভত মনোজ কুমাৰে কয় যে, হিমাচল প্ৰদেশৰ কাংগ্ৰা জিলাৰ নিবাসী বিবেক কুমাৰ মাথো তিনি বছৰৰ পূৰ্বে হে বিবাহ পাশত আৱদ্ধ হৈছিল । ঘৰত তেওঁৰ পত্নীসহ আছে এটি ৭ মহীয়া কণমানি সন্তান ।

বিবেক কুমাৰৰ মৃত্যুত দুখৰ মাজতো গৰ্ব অনুভৱ জ্যেষ্ঠ ভাতৃৰ

বিবেক কুমাৰৰ মৃত্যুত দুখ প্ৰকাশ কৰিও গৰ্ব অনুভৱ কৰিছে মনোজ কুমাৰে । দেশৰ বাবে তেওঁৰ ভাতৃ শ্বহীদ হ’ল বুলি উল্লেখ কৰি দেশৰ বাবে ভাতৃয়ে প্ৰাণ বিসৰ্জন দিয়াত মনোজ কুমাৰে দুখৰ মাজতো গৰ্ব কৰে ।

উল্লেখ্য কিছু দিনৰ পূৰ্বে সেনাবাহিনীত কৰ্মৰত তেওঁ লোকৰ আন এজন ভাতৃয়েও দেশৰ বাবে প্ৰাণাহুতি দিয়ে বুলি কয় মনোজ কুমাৰে । ভাতৃৰ বিয়োগৰ বতৰা পাই বৃহস্পতিবাৰে কাহিলী পুৱাতে মনোজ কুমাৰ লখিমপুৰৰ পৰা হিমাচল প্ৰদেশলৈ বুলি ৰাওনা হয় ।

বুধবাৰে সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাটোত মৃত্যু হৈছিল জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু আন 11 জন সেনা বিষয়াৰ ৷ এইসকলৰ মাজতে আছিল বিবেক কুমাৰ ৷ এই ঘটনাত দুখ প্ৰকাশ কৰিছে সমগ্ৰ দেশবাসীয়ে ৷

লগতে পঢ়ক : Chopper Crash timeline : কুনুৰৰ হেলিকপ্তাৰ দুৰ্ঘটনাৰ সময়ৰেখা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.