লখিমপুৰ ২৩ ছেপ্টেম্বৰ : প্ৰয়াত জোনমণি ৰাভাই লখিমপুৰত চলোৱা প্ৰসংগত লখিমপুৰ মুখ্য ন্যায়িক আদালতলৈ চিবিআইৰ চাৰ্জশ্বীট । আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য । নকল সোণ, জাল নোট আদিৰ বিৰুদ্ধে লখিমপুৰত আহি অভিযান চলাই যোৱাৰ পাচত ৰহস্যজনকভাৱে যোৱা ১৬ মে’ত মৃত্যুক সাবতি লৈছিল জোনমণি ৰাভাই । সমগ্ৰ ৰাজ্য কঁপাই যোৱা এই ঘটনাৰ পৰৱৰ্তী সময়ত চিআইডিয়ে তদন্তৰ দায়িত্ব লয় ।
নগাঁৱৰ পৰা লখিমপুৰলৈকে চিআইডিয়ে তদন্ত আগবঢ়াই নিয়াৰ সময়তে এই তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰা হয় । চিবিআইয়েও গুৱাহাটী, নগাঁও, লখিমপুৰ আদি সকলোতে তদন্ত চলায় । সম্প্ৰতি চিবিআইয়ে লখিমপুৰ মুখ্য ন্যায়িক আদালতলৈ এখন চাৰ্জশ্বীট প্ৰেৰণ কৰিছে ।
উল্লেখ্য যে, যোৱা ১৫ মে’ত লখিমপুৰ সদৰ থানাত জোনমণি ৰাভাসহ কেইবাজনো লোকৰ বিৰুদ্ধে জিলাখনৰ ২ নং বৰচলা নিবাসী আবাচ আলীৰ পত্নী আমিনা খাতুনে এক গোচৰ তৰিছিল । জোনমণি ৰাভাসহ কেইজনমান লোকে তেওঁৰ পুত্ৰ আজগড় আলীক আটক কৰি নিয়া আৰু ৬ লাখ টকাৰ বিনিময়ত পিচদিনা তেওঁক এৰি দিয়া আদি অভিযোগ তুলি আমিনা খাতুনে লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল ।
এই এজাহাৰ মৰ্মে লখিমপুৰ সদৰ থানাত ১৮৩/২০২৩ নম্বৰৰ আৰু ১২০ B/৩৯৫/৩৯৭/৩৪২/৩৮৭ ধাৰাত এটা গোচৰ পঞ্জীয়ন হয় । কিন্তু পৰৱৰ্তী সময়ত জোনমণি ৰাভাৰ মৃত্যু হোৱাত তদন্ত প্ৰক্ৰিয়া ততাতৈয়াকৈ আগবঢ়া নাছিল । চিবিআইয়ে এই গোচৰ টোৰ আঁত ধৰিয়েই তদন্তৰ ধাৰা আগুৱাই নিয়ে । একাধিক বাৰ চিবিআইৰ দল আহি আৱৰ্ত ভৱনত বাহৰ পাতি সদৰ থানাৰ পৰা আমিনা খাতুনৰ ঘৰলৈকে তদন্ত চলায় ।
শেহতীয়া কৈ চিবিআইয়ে লখিমপুৰ মুখ্য ন্যায়িক আদালতলৈ প্ৰেৰণ কৰা চাৰ্জশ্বীটত উল্লেখ কৰা মতে, জোনমণি ৰাভাৰ লগতে নুৰ মহমদ ওৰফে কালিয়া, ৰিয়াজুল ইছলাম, আজিজুৰ ৰহমান আৰু মজিবুৰ ৰহমানসহ দলটোৱে আমিনা খাতুনৰ পুত্ৰ আজ গড় আলীক আইনৰ ভয় দেখুৱাই ৬ লাখ টকাৰ দাবী কৰিছিল । এক প্ৰকাৰ ডকাইতি কৰাৰ দৰে তেওঁলোকে আমিনাৰ ঘৰত উপদ্ৰব কৰিছিল ।
এই সন্দৰ্ভত ১২০BR/W৩৪২/৩৮৮ আৰু ৩৯৫ ধাৰাৰ চিবিআইৰ গোচৰটোৰ সন্দৰ্ভত ব্যৱস্থা ল’বলৈ চাৰ্জশ্বীটত উল্লেখ কৰে । ইতিমধ্যে এই সন্দৰ্ভত চিবিআইৰ বিষয়া লখিমপুৰ আদালতত একাধিক বাৰ উপস্থিত হৈছে বুলি জানিব পৰা গৈছে । চিবিআইয়ে অচিৰেই চূড়ান্ত চাৰ্জশ্বীট আদালতত দাখিল কৰিব বুলিও জানিব পৰা গৈছে ।
লগতে পঢ়ক : India-Canada row; ভাৰত-কানাডাৰ বিবাদক লৈ চিন্তিত আমেৰিকা : বিদেশ মন্ত্ৰী ব্লিংকেন