লখিমপুৰ,২৩ এপ্রিল: ৰাজ্য চৰকাৰ অথবা আৰক্ষী বিভাগে গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ হৈ ব্যৱস্থা গ্রহণ কৰিছে যদিও কেৰেপ কৰা নাই চোৰাং ব্যৱসায়ীয়ে(Police against cattle smuggling) । নিতৌ অসংখ্য চোৰাং গৰু জব্দ কৰা নাইবা চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ খবৰ ওলাই থকাটোৱে এই কথাকেই যেন প্ৰমাণ কৰিছে ।
শুকুৰবাৰে নিশাও লখিমপুৰত আৰক্ষীৰ জালত পৰে পাঁচটাকৈ গৰুৰ চোৰাং সৰবৰাহকাৰী(Five cattle smugglers in police nets) । লগতে আৰক্ষীয়ে দুখন ট্ৰাকৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বহিঃৰাজ্যলৈ সৰবৰাহ কৰিবলৈ নিয়া ৪৯ টা গৰু । লখিমপুৰৰ লালুকত যোৱা নিশা আৰক্ষীয়ে চলাই এই সফল অভিযান ।
অভিযান কালত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ক্ৰমে সুৰুজ আলি,আৰ্চাদুল ইছলাম,চফিউৰ ইছলাম,ৰফিকুল ইছলাম,আৰু বাবৰ আলি নামৰ ৫ টাকৈ গৰু সৰবৰাহকাৰীক । জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে AS17B2564, AS09AC 5718 ।
লালুক আৰক্ষীয়ে ৰাজপথত চলোৱা নৈশ তালাচীত জব্দ হয় গৰু ভৰ্তি ট্ৰাক দুখন । তেওঁলোকে ধেমাজি জিলাৰ চিলাপথাৰ আৰু লখিমপুৰৰ বঙালমৰাৰ পৰা দুখনকৈ ট্ৰাকত এই গৰুখিনি নি বহিঃৰাজ্যত বিক্ৰী কৰাৰ চেষ্টা চলাইছিল যদিও সফল নহ’ল । গ্ৰেপ্তাৰ কৰা চোৰাং গৰু ব্যৱসায়ী কেইটাৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্রহণ কৰিছে ।
লগতে পঢ়ক: গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং