ETV Bharat / state

মুকলিৰ প্ৰথম দিনটোত তিনিজনকৈ ৰোগী ভৰ্তি হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতালত

author img

By

Published : Apr 29, 2022, 2:25 PM IST

উত্তৰ অসমত নতুনকৈ স্থাপন হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতাল (Cancer Hospital in Lakhimpur) ৷ শুভ উদ্বোধনৰ এদিন পাচতেই আৰম্ভ হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতালৰ চিকিৎসা সেৱা (Cancer care treatment started at Lakhimpur Cancer Hospital) ৷

Lakhimpur Cancer Hospital
মুকলিৰ প্ৰথম দিনটোত তিনিজনকৈ ৰোগী ভৰ্তি হ’ল লখিমপুৰ কেন্সাৰ হাস্পতালত

লখিমপুৰ, 29 এপ্ৰিল : অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতালৰ কাম কাজ ৷ বুধবাৰে দেশৰ প্ৰধানমন্ত্ৰী আৰু প্ৰবীণ ব্যৱসায়ী ৰতন টাটাই ভাৰ্চুৱেলি শুভ উদ্বোধন কৰে লখিমপুৰ কেঞ্চাৰ হাস্পতালখন (PM Modi and Ratan Tata virtually launched cancer Hospital in Lakhimpur) ।

মুকলিৰ এদিনৰ পাচতেই এই হাস্পতালৰ সেৱা আৰম্ভ কৰাত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে এতিয়া জিলাখনৰ লোক (Cancer care treatment started at Lakhimpur Cancer Hospital)৷ এই হাস্পতালৰ সেৱা আৰম্ভ কৰাৰ প্ৰথমটো দিনতে তিনিজনকৈ কৰ্কট ৰোগীক ভৰ্তি কৰা হয় লখিমপুৰ কেঞ্চাৰ হাস্পতালত । নৱনিৰ্মিত হাস্পতালখনলৈ মুকলিৰ প্ৰথম দিনটোতেই অহা ৰোগীসকলক গামোচা পিন্ধাই আদৰণি জনাই হাস্পতাল কৰ্তৃপক্ষই ।

Lakhimpur Cancer Hospital
উত্তৰ অসমত ন কৈ স্থাপন হ’ল লখিমপুৰ কেন্সাৰ হাস্পতাল

পৰ্যাপ্ত সুবিধা দি ৰোগীসকলক আৰোগ্য কৰিবলৈ এতিয়া সাজু হৈছে হাস্পতালখনৰ কৰ্তৃপক্ষ ৷

লগতে পঢ়ক : ভাৰ্চুৱেলী মুকলি হ'ল লখিমপুৰ কেঞ্চাৰ হাস্পতাল

জানিব পৰা মতে, 45 খন বিছনাযুক্ত চিকিৎসালয়খনত 4গৰাকী চিকিৎসক, 17 গৰাকী নাৰ্চ আৰু 32 জন পেৰা মেডিকেল ষ্টাফক সম্প্ৰতি নিয়োগ কৰা হৈছে । দহ টকাৰ পঞ্জীয়ন মাচুলৰ বিনিময়ত ৰোগী ভৰ্তি হ’ব পাৰিব বুলি উল্লেখ কৰে হাস্পতালখনৰ অধীক্ষক গৰাকীয়ে ৷ লগতে তেওঁ ৰোগীসকলে এম্বুলেন্স সেৱাও বিনামূলীয়া লাভ কৰিব বুলি উল্লেখ কৰে ৷

তেওঁ কয় যে, চৰকাৰী অটল অমৃত কাৰ্ড(Atal Amrit Card) থকা সকলৰ বাবেও বিনামূলীয়া হ’ব এই চিকিৎসা সেৱা । উত্তৰ অসমত নতুনকৈ স্থাপন হোৱা এই হাস্পতালখনৰ জৰিয়তে কেঞ্চাৰ ৰোগী সকলক যথেষ্ট উপকৃত হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : বৰপেটা কেন্সাৰ হাস্পতালত কৰ্কট ৰোগীৰ চিকিৎসা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.