ETV Bharat / state

লখিমপুৰত উপস্থিত স্নেহাংকৰ চক্ৰৱৰ্তী

author img

By

Published : Nov 19, 2020, 3:31 PM IST

সাংবাদিক সকলৰ ওপৰত বৃদ্ধি পোৱা আক্ৰমণ আৰু নিৰ্যাতনৰ বিৰুদ্ধে চাইকেল চলাই ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰে লখিমপুৰত উপস্থিত হয় সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তী ৷ বগীনদী প্ৰেছ ক্লাবৰ লগতে বগীনদী অঞ্চলৰ আন বহু দল সংগঠনে উষ্ম সম্বৰ্ধনা জনায় সাংবাদিক গৰাকীক ৷

as_lkh_Campaigning_for_journalist_security_img_ASC10078
লখিমপুৰত উপস্থিত স্নেহাংকৰ চক্ৰৱৰ্তী

লখিমপুৰ,19 নৱেম্বৰ: ৰাজ্যত দিনে দিনে বাঢ়ি আহিছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ সময়ে সময়ে এচামে সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ ইজনৰ পাছত সিজন সাংবাদিকক আক্ৰমণৰ পাছতে ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিবাদ ৷ তাৰ পাছতে দেশৰ সাংবাদিক সকলৰ ওপৰত বৃদ্ধি পোৱা আক্ৰমণ আৰু নিৰ্যাতনৰ বিৰুদ্ধে চাইকেল চলাই ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তীয়ে ৷ সেই উদ্দেশ্যৰে বিশ্বনাথ জিলাৰ পৰা বগীনদীলৈ যোৱা সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তীক বগীনদী প্ৰেছ ক্লাবৰ লগতে বগীনদী অঞ্চলৰ আন বহু দল সংগঠনে উষ্ম সম্বৰ্ধনা জনায় ৷

এহেজাৰ কিলোমিটাৰ চাইকেল চলাই সজাগতা সৃষ্টি কৰাৰ মন মেলিছে সাংবাদদিক গৰাকীয়ে ৷ বুধবাৰে বগীনদী প্ৰেছ ক্লাবত উপস্থিত হোৱা সাংবাদিক গৰাকীক ফুলৰ থোপা চেলেং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ তদুপৰি বগীনদী ব্যৱসায়ী সন্থা,আটাছু, কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলন,মানৱ অধিকাৰ সংস্থা,চুতীয়া ছাত্ৰ সন্থাইও সাংবাদিক গৰাকীক ফুলাম গামোচাৰে আদৰণি জনায় ৷

লগতে পঢ়ক: পৰাগ ভূঞাক ন্যায় প্ৰদানৰ দাবীত CITU ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.