লখিমপুৰ, ১৩ এপ্ৰিল : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছত ৰাজ্যত দালাল ৰাজৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আৰক্ষী-প্ৰশাসন ৷ আৰক্ষীয়ে বিগত সময়ত ধাৰাবাহিকভাৱে অভিযান চলাই বহু দালালক আটক কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে দালালৰ পৰা আঁতৰত থকাৰ বাবে ৰাজ্যৰ জনসাধাৰণকো আহ্বান জনায় ৷
ৰাজ্যত দালালৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰখাৰ সময়তে এতিয়াও একাংশ দালালে অব্যাহত ৰাখিছে তেওঁলোকৰ কাৰ্যকলাপ । লখিমপুৰ আৰক্ষীয়ে বুধবাৰে তেনে এটা চাকৰি দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(One broker arrested in Lakhimpur) । ধৃত দালালটোৱে আৰক্ষী বিভাগত চাকৰি দিয়াৰ বাবদ প্ৰাৰ্থীৰ পৰা ফোনত ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
ধৃত দালালটো মনোজ তামুলী বুলি জানিব পৰা হৈছে । অসম আৰক্ষীৰ কনিষ্টবল পদৰ পৰীক্ষাত(Assam Police Constable Post Exam) অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ পৰা ধন বিচাৰিছিল মনোজ তামুলীয়ে ৷ মনোজ তামুলীৰ এই ধন বিচৰা অডিঅ’ ভাইৰেল হোৱাৰ পাছতে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মনোজ তামূলীক ৷ জানিব পৰা মতে, অভিযুক্ত লোকজনে ইয়াৰ পূৰ্বেও ধনদাবী কৰি জেললৈ যাবলগীয়া হৈছিল ৷ সম্প্ৰতি মনোজক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : বন্দুক নহয় আৰক্ষী থানাত গৰজিলে ঢোলে