ETV Bharat / state

বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰক ক্ষমা বিচাৰিলে বিজেপি কৰ্মীয়ে - নাৰায়ণপুৰ

দুদিন পূৰ্বে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ মহন্তক অপদস্থ কৰিছিল একাংশ বিজেপি নেতাই ৷ উক্ত কাণ্ডই বৰ্তমান সূত্ৰপাত ঘটাইছে বিতৰ্কৰ ৷ এই বিতৰ্কৰ মাজতে বুধবাৰে সত্ৰত প্ৰৱেশ কৰি সত্ৰাধিকাৰক কৰা অপমানৰ দোষ স্বীকাৰ কৰি আঁঠু কাঢ়ি ক্ষমা বিচাৰে বিজেপি নেতা কেইগৰাকীয়ে ৷

BJP workers apologize to Belguri satradhikar lakhimpur assam etv bharat news
বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰক ক্ষমা বিচাৰিলে বিজেপি কৰ্মীয়ে
author img

By

Published : Aug 5, 2020, 3:24 PM IST

বিহপুৰীয়া,5 আগষ্ট: বিগত দুদিন পূৰ্বে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ মহন্তক অপদস্থ কৰিছিল একাংশ বিজেপি নেতাই ৷ এই অভিযোগ উত্থাপন কৰিছিল খোদ সত্ৰাধিকাৰ গৰাকীয়ে ৷ আনকি, সত্ৰাধিকাৰগৰাকীক ব্যক্তিগতভাৱেও অপদস্থ কৰিছিল বিজেপিৰ নেতাসকলে ৷ উক্ত কাণ্ডই বৰ্তমান সূত্ৰপাত ঘটাইছে বিতৰ্কৰ ৷ সত্ৰাধিকাৰ গৰাকীক বিজেপি নেতাই কৰা অপমানৰ ঘটনা সংঘটিত হৈছিল সোমবাৰে বিয়লিৰ ভাগত ৷ উল্লেখ্য যে, সত্ৰৰ কাম-কাজ পৰিচালনা কৰাৰ দায়িত্বত থকা জিলা পৰিষদৰ সদস্য ভাস্কৰ হাজৰিকা সহ পাঁচগৰাকী ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছিল এই অভিযোগ ৷

বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰক ক্ষমা বিচাৰিলে বিজেপি কৰ্মীয়ে

উক্ত ঘটনাক কেন্দ্ৰ কৰি জিলাখনৰ বিহপুৰীয়াৰ বিধায়ক দেবানন্দ হাজৰিকাৰ একান্ত ঘনিষ্ঠ তথা জিলা পৰিষদৰ সদস্য ভাস্কৰ হাজৰিকাৰ প্ৰতিকৃতি দাহ কৰি ঘটনা সম্পৰ্কত তদন্তৰ দাবী কৰে জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলে ৷ এই বিতৰ্কৰ মাজতে বুধবাৰে সত্ৰত প্ৰৱেশ কৰি সত্ৰাধিকাৰক কৰা অপমানৰ দোষ স্বীকাৰ কৰি আঁঠু কাঢ়ি ক্ষমা বিচাৰে ভাস্কৰ হাজৰিকা, সুনীল হাজৰিকা, তপন চেকনীধৰা, প্ৰাঞ্জল বৰা আৰু বুঢ়াভকত নিত্যানন্দ শইকীয়াই ৷

লগতে চাওকঃ বিজেপি কৰ্মীৰ অতপালিত অতিষ্ঠ বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.