ETV Bharat / state

নাওবৈচাত বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ কাৰ্যনিবাহক সভা

author img

By

Published : Nov 29, 2020, 3:25 PM IST

২০২১ৰ বিধানসভা নিৰ্বাচনত লখিমপুৰৰ নাওবৈচা সমষ্টি দখলৰ লক্ষ্যৰে ৰণনীতি যুগুত কৰিছে বিজেপিয়ে । দেওবাৰে অনুষ্ঠিত হয় বিজেপিৰ নাওবৈচা মণ্ডলৰ অনুসূচীত জনজাতি মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা । নাওবৈচাত বিজেপিৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিব বুলি মন্তব্য কৰে মণ্ডল সভাপতি ৰঞ্জিত গগৈয়ে ।

নাওবৈচাত বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ কাৰ্যনিবাহক সভা
নাওবৈচাত বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ কাৰ্যনিবাহক সভা

নাওবৈচা, ২৯ নৱেম্বৰ: সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ন-পুৰণি সকলো ৰাজনৈতিক দলে কুছ-কাৱাজ চলাই থকাৰ সমান্তৰালকৈ শাসকীয় দল বিজেপিয়েও নিৰ্বাচনী ৰণ কৌশল ৰচনা কৰিছে । ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ নাওবৈচাতো নিৰ্বাচনী প্ৰস্তুতি চলাইছে দলটোৱে । দেওবাৰে নাওবৈচাৰ শিঙৰা গাঁও পঞ্চায়ত কাৰ্যলয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় বিজেপিৰ নাওবৈচা মণ্ডলৰ অনুসূচীত জনজাতি মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা । এই সভাত উপস্থিত থাকি নাওবৈচাৰ বিজেপিৰ মণ্ডল সভাপতি ৰঞ্জিত গগৈয়ে সমষ্টিটোত এইবাৰ বিজেপিৰ প্ৰাৰ্থীহে জয়ী হ'ব বুলি মন্তব্য কৰে ।

তেওঁ কয় যে, '২০১৬ৰ নিৰ্বাচনত মাত্ৰ কেইটামান ভোটৰ বাবে নাওবৈচাৰ আসনখন বিজেপিয়ে হেৰুৱাবলগীয়া হৈছিল । এইবাৰ নাওবৈচাত তৃণমূল পৰ্যায়ৰ পৰা দলটোক অধিক শক্তিশালী কৰি তোলা হৈছে ।' বিজেপিৰ নাওবৈচা মণ্ডল অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি মৃগেন বসুমতাৰীৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয় । বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি সঞ্জীৱ দেউৰীয়ে আগন্তুক নিৰ্বাচনত যাতে নাওবৈচা সমষ্টিত বিজেপি দখলত থাকে তাৰ বাবে দলটোৰ সকলো ভাতৃ সংগঠনক এতিয়াৰে পৰা তৃণমূল পৰ্যায়ত সাংগঠনিক দিশত কাম কৰিবলৈ আহ্বান জনায় ।

কাৰ্যনিৰ্বাহক সভাখনত উপস্থিত থাকে তপন নৰহ, ৰাজ্যিক কাৰ্যনিৰ্বাহক (আমন্ত্ৰিত) সদস্য ঋষিৰাজ হাজৰিকা, জিলা সমিতিৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ গগৈ, লখিমপুৰ জিলাৰ বিজেপিৰ কিষাণ মৰ্চাৰ প্ৰভাৰী সূৰ্য বৰুৱা, নাওবৈচা অনুসূচীত জনজাতি মৰ্চাৰ প্ৰভাৰী উৎপল পাংগিং ।

লগতে পঢ়ক:জ্ঞানপীঠ বঁটা বিজয়িনী মামণি ৰয়চম গোস্বামীৰ আজি নৱম মৃত্যু বাৰ্ষিকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.