লখিমপুৰ, 10 জুন: শনিবাৰে সন্ধিয়া লখিমপুৰত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি এ পি আব্দুল্লাকুট্টিয়ে ৷ সন্ধিয়া জিলা বিজেপিৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এখন দলীয় কাৰ্যকৰ্তা সন্মিলনত তেওঁ অংশগ্ৰহণ কৰে ৷ দলৰ কাৰ্যকৰ্তাৰ ত্যাগৰ বাবেই বিশ্বৰ বৃহৎ ৰাজনৈতিক দলত পৰিণত হৈছে ভাৰতীয় জনতা পাৰ্টি, লখিমপুৰত উপস্থিত হৈ এই মন্তব্য কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি এ পি আব্দুল্লাকুট্টিয়ে (BJP National Vice President A P Abdullakutty) ৷
তেওঁ কয় যে, দলীয় কৰ্মীৰ ত্যাগ, নিষ্ঠা আৰু সততাৰ বাবেই বিশ্বৰ বৃহৎ ৰাজনৈতিক দলত পৰিণত হৈছে বিজেপি দল ৷ ভাৰতত বৰ্তমান 16 খন ৰাজ্যত বিজেপিৰ মুখ্যমন্ত্ৰী আছে ৷ কেন্দ্ৰত আছে বিজেপি চৰকাৰ ৷ এই সকলোবোৰ সম্ভৱ হৈছে দলীয় কৰ্মীৰ নিষ্ঠা, ত্যাগ আৰু সততাৰ বাবে বুলি মন্তব্য কৰে তেওঁ (BJP workers meet in Lakhimpur) ৷
লগতে উপ-সভাপতিজনে কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনীতি মানেই হ’ল সবকা চাথ, সবকা বিকাশ, সবকা বিশ্বাস ৷ এই বিকাশ , উন্নয়নৰ ঢৌৱে অসমকো চুই গৈছে ৷ বিগত সময়ত অসমত উগ্ৰপন্থাৰ বাবে উন্নয়ন স্থবিৰ হৈ আছিল ৷ এতিয়া কিন্ত সেই পৰিবেশ নাই ৷ অসমক এতিয়া উন্নয়নে বিধৌত কৰিছে ৷ কেৱল অসমতে নহয়; সমগ্ৰ উত্তৰ-পূৱৰ চৌদিশে উন্নয়নৰ ধাৰা বৈ গৈছে বুলি মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি এ পি আব্দুল্লাকুট্টিৰ ৷ শনিবাৰে সন্ধিয়া লখিমপুৰ জিলা বিজেপিৰ কাৰ্য্যালয়ত অনুষ্ঠিত এখন দলীয় কার্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয় (BJP workers meet at Lakhimpur) ৷
দলীয় কার্যকৰ্তা সকলক উদেশ্য কৰি তেওঁ আৰু কয় দলৰ নেতৃত্বৰ কিবা ভুল থাকিলে আঙুলিয়াই দিব ৷ কাৰণ দলটো সদায় সংস্কাৰমুখী ৷ সমাগত 2024 নিৰ্বাচনৰ বাবে বিৰোধী দল ঐক্যবদ্ধ হোৱাৰ প্ৰসংগ তুলি তেওঁ দলীয় কাৰ্যকৰ্তা সকলক একগোট হৈ যুঁজাৰ আহ্বান জনায় ৷ নৰেন্দ্ৰ মোদীক শ্ৰেষ্ঠ বুলি অভিহিত কৰি তেওঁ কয় মোদীৰ দৰে প্ৰধানমন্ত্ৰী আজিলৈকে হোৱা নাই ৷ হিতাধিকাৰী, উন্নয়ন, বিজ্ঞান, পথ, যোগাযোগ, আদিৰ সামগ্ৰীক উন্নয়নৰ বাবে বিশ্বতে মোদীৰ নাম উজলি উঠিছে ৷ মোদীৰ বাবেহে এইয়া সম্ভৱ বুলি তেওঁ কয় (BJP National Vice President in Lakhimpur) ৷
দলীয় কার্যকৰ্তা সকলক দলৰ মূল প্ৰাণ বুলি অভিহিত কৰি তেওঁ কয় বিজেপি দলে মানৱতা, কৰ্ম,আদৰ্শ আদি শিকায় ৷ যিটো আন দলত নাই ৷ যাৰ বাবে কংগ্ৰেছকে ধৰি আন ৰাজনৈতিক দল সমুহ নিঃশেষ হৈ পৰিছে বুলি তেওঁ কয় ৷ বিধায়ক মানৱ ডেকা, সাংসদ প্ৰদান বৰুৱাকে ধৰি ভালেমান নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা এই সভাখনত কেইবাজনো জ্যেষ্ঠ দলীয় কার্যকৰ্তাক তেওঁ সম্বৰ্দ্ধনা জনায় ৷ সভাৰ পাছত লখিমপুৰৰ শিক্ষাবিদ ড৹ মুকুন্দ ৰাজবংশী, লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিমান চেতিয়া, প্ৰবক্তা বৰ্ণালী বৰা, প্ৰাক্তন জনসংযোগ বিষয়া মহিবুল হুছেইন, ডাঃ ডম্বৰুধৰ মিলি আদিৰ ঘৰে ঘৰে গৈ তেওঁলোকক দলীয় নেতা-কৰ্মীসহ সম্বৰ্ধনা জনোৱা হয় ( A P Abdullakutty at BJP workers meet in Lakhimpur) ৷