ETV Bharat / state

লখিমপুৰ জিলাৰ নাওবৈচা গাঁও পঞ্চায়ত বিজেপিৰ সাংগঠনিক সভা

author img

By

Published : Jan 24, 2021, 4:16 PM IST

লখিমপুৰ জিলাৰ মধ্য নাওবৈচা গাঁও পঞ্চায়তৰ বিজেপিৰ বুথ সমিতি আৰু শক্তি প্ৰমুখ সন্মিলনখন দেওবাৰে বিলতীয়া নাট্য সমাজ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । সভাখনত সভাপতিত্ব কৰে বিজেপিৰ নাওবৈচা মণ্ডলৰ সভাপতি ৰঞ্জিত পাৱেৰে ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ সংসদীয় সমষ্টিৰ বিজেপিৰ সাংসদ প্ৰদান বৰুৱা ।

bjp meeting at nowboisha
লখিমপুৰ জিলাৰ নাওবৈচা গাঁও পঞ্চায়ত বিজেপিৰ সাংগঠনিক সভা

নাওবৈচা, ২4 জানুৱাৰী: ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিটো ৰাজনীতিৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে । সমষ্টিটোত বিভিন্ন ৰাজনৈতিক দলৰ লগতে শাসকীয় বিজেপিৰ দলেও যুদ্ধংদেহী তৎপৰতাৰে নিৰ্বাচনৰ বাবে সাংগঠনিক ভেটি শক্তিশালী কৰাত নামি পৰা দেখা গৈছে ।

নাওবৈচা মণ্ডলৰ অধীনস্থ মধ্য নাওবৈচা গাঁও পঞ্চায়তৰ বিজেপিৰ বুথ সমিতি আৰু শক্তি প্ৰমুখ সন্মিলনখন দেওবাৰে বিলতীয়া নাট্য সমাজ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। বিজেপিৰ নাওবৈচা মণ্ডলৰ সভাপতি ৰঞ্জিত পাৱেৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সন্মিলনখনত উপস্থিত থাকে লখিমপুৰ সংসদীয় সমষ্টিৰ বিজেপিৰ সাংসদ প্ৰদান বৰুৱা ।

নাওবৈচা মণ্ডল বিজেপিৰ সম্পাদক মাধৱ চেতিয়াই আঁত ধৰা সভাখনত বিজেপি লখিমপুৰ জিলা সমিতিৰ কোষাধ্যক্ষ সূৰ্য বৰুৱা, অৰ্থনৈতিক কোষৰ জিলা আহ্বায়ক প্ৰদীপ বৰুৱা, ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰাও গজেন্দ্ৰ সিং, ৰাজ্যিক কিশান মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য জগদীশ গুপ্তা, জিলা বিজেপি সমিতিৰ উপ সভাপতি দুলাল দত্ত, জেষ্ঠ বিজেপি কৰ্মী হৰেন শৰ্মা, নাওবৈচা মণ্ডল বিজেপিৰ উপ সভাপতি লোকপ্ৰসন্ন বৰুৱা আদি উপস্থিত থাকে ৷

উল্লেখ্য যে, উক্ত সভাতে মধ্য নাওবৈচা গাঁও পঞ্চায়ৰ প্ৰাক্তন কংগ্ৰেছৰ সভাপতি কৃষ্ণ শইকীয়াৰ লগতে কেইবাজনো আন দলৰ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিৰ দলত যোগদান কৰে ৷

লগতে পঢ়ক: ৰাজ্য চৰকাৰে লাইকা-দধিয়াবাসীৰ অৱস্থাৰ বিষয়ে অৱগত নকৰিলে প্ৰধানমন্ত্ৰীক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.