ETV Bharat / state

Bihpuria News: বিহপুৰীয়াত মুক্তিযোদ্ধা প্ৰয়াত হৰিচন্দ্ৰ বৰুৱাৰ জন্ম শতবাৰ্ষিকী পালন - freedom fighter Harichandra celebrated at Bihpuria

বিশিষ্ট মুক্তিযোদ্ধা প্ৰয়াত হৰিচন্দ্ৰ বৰুৱাৰ জন্ম শতবাৰ্ষিকী পালন ৷ সোমবাৰে বিহপুৰীয়াত পালন কৰে হৰিচন্দ্ৰ বৰুৱাৰ জন্ম শতবাৰ্ষিকী ৷

Bihpuria News
বিহপুৰীয়াত মুক্তিযোদ্ধা প্ৰয়াত হৰিচন্দ্ৰ বৰুৱাৰ জন্ম শতবাৰ্ষিকী পালন
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 9:00 AM IST

বিহপুৰীয়াত মুক্তিযোদ্ধা প্ৰয়াত হৰিচন্দ্ৰ বৰুৱাৰ জন্ম শতবাৰ্ষিকী পালন

বিহপুৰীয়া, 3 অক্টোবৰ : সোমবাৰে লখিমপুৰ জিলাৰ বিহপুৰীয়াত বিশিষ্ট মুক্তিযোদ্ধা প্ৰয়াত হৰিচন্দ্ৰ বৰুৱাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰে ৷ ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত লখিমপুৰ, বিহপুৰীয়া আৰু নাৰায়ণপুৰ মুক্তিযুঁজাৰু সন্মিলনৰ সৌজন্যত আৰু বৃহত্তৰ বিহপুৰীয়াবাসীৰ সহযোগত পালন কৰা হয় মুক্তিযোদ্ধা হৰিচন্দ্ৰ বৰুৱাৰ জন্ম শতবাৰ্ষিকী ৷

বিহপুৰীয়া বদতি জামুগুৰিস্থিত হৰিচন্দ্ৰ বৰুৱাৰ নিজা বাসগৃহত সোমবাৰে পালন কৰা হয় এই জন্ম শতবাৰ্ষিকী ৷ পুৱা গছপুলি ৰোপণ, গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, পতাকা উত্তোলন, হৰিচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী সম্পন্ন হয় ৷

অনুষ্ঠানত মৃদুস্মিতা বৰা বৰুৱাৰ সম্পাদিত স্বাধীনতা সংগ্ৰামী হৰিচন্দ্ৰ বৰুৱা জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্য স্মৃতিগ্ৰন্থ “বৰেণ্য’’ উন্মোচন কৰে প্ৰাক্তন শিক্ষা মন্ত্ৰী প্ৰেমধৰ বৰাই ৷ স্মৃতিগ্ৰন্থ উন্মোচনৰ পিচতে মুকলি সভা আৰম্ভ হয় ৷ অসমী মহিলা সমিতিৰ শিল্পীসকলে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা সভাখনি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° গৌতম কাকতিয়ে উদ্বোধন কৰে ৷

সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ যুগল কলিতাই ৷ লগতে বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞা, বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয় প্ৰকাশ মহন্ত, ঠেঙাল স্বায়ত্তশাসিত পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী সদস্য কেশৰাম বৰাৰ লগতে বিহপুৰীয়াৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি, বিহপুৰীয়াৰ বিভিন্ন সংস্থা সংগঠনৰ বিষয়ববীসকলে অংশ গ্ৰহণ কৰে ৷

লখিমপুৰ জিলা মুক্তিযুঁজাৰু উত্তৰাধিকাৰী সন্মিলনৰ সভাপতি ড° পুষ্প বৰা আৰু শিল্প কলাৰ সাধক চিত্ৰৰঞ্জন বৰাই মুখ্য স্মৃতিচাৰণ বক্তাৰ ভাষণত হৰিচৰণ বৰুৱাই দেশৰ বাবে কৰা ত্যাগ আৰু আদৰ্শৰ ওপৰত বহল ব্যাখ্যা কৰে ৷ ৰাইজৰ বিপুল সমাগমেৰে অনুষ্ঠানটি সাফল্য মণ্ডিত কৰাৰ বাবে সকলোকে পৰিয়ালবৰ্গই কৃতজ্ঞতা জ্ঞাপন কৰে ৷

লগতে পঢ়ক:Akhil Gogoi on Assam CM : অসমৰ ৰাজনৈতিক ক্ষেত্রৰ মাফিয়া হিমন্ত বিশ্ব শৰ্মা : অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.