ETV Bharat / state

বিহপুৰীয়া আৰক্ষীৰ জালত দুই প্ৰৱঞ্চক - বিহপুৰীয়া আৰক্ষী

বিহপুৰীয়াত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই প্ৰৱঞ্চকক ৷ নকল সোণ দিয়াৰ প্ৰলোভন দি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে বঙালমৰাৰ 2 নং সোণাপুৰৰ চৰিফুল ইছলাম ওৰফে ৰাহুল আৰু মজিবুৰ ৰহমান নামৰ দুই প্ৰৱঞ্চক ৷

two frauds arrested in bihpuria
বিহপুৰীয়া আৰক্ষীৰ হাতত আটক দুই প্ৰৱঞ্চক
author img

By

Published : Aug 15, 2021, 12:24 PM IST

বিহপুৰীয়া, 15 আগষ্ট : নকল সোণ দিয়াৰ প্ৰলোভন দি বিহপুৰীয়াত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল দুই প্ৰৱঞ্চক ৷ 2020 চনৰ 22 নৱেম্বৰত সংঘটিত এক ঘটনাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত বিহপুৰীয়া আৰক্ষীয়ে দুটাকৈ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰৱঞ্চক দুটা বঙালমৰাৰ দুই নং সোণাপুৰৰ চৰিফুল ইছলাম ওৰফে ৰাহুল আৰু মজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, 2020 চনতে প্ৰৱঞ্চক দুটাই এজন চিআৰপিএফ জোৱানৰ পৰা নগদ ধনসহ এটা ম'বাইল ফোন আত্মসাৎ কৰিছিল ৷ দিল্লীৰ ৰাধাকৃষ্ণ নামৰ এজন চিআৰপিএফ জোৱানক নকল সোণ দিয়াৰ প্ৰলোভনেৰে মাত নি 5.50 লাখ টকাসহ এটা ম'বাইল ফোন আত্মসাৎ কৰিছিল ৷ ঘটনা সন্দৰ্ভত বিহপুৰীয়া আৰক্ষী থানাত ৪৪৭/২১, ১২০ (B) ৪২০. ৩৯৩ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল ৷

উক্ত গোচৰৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে প্ৰৱঞ্চক দুটাক গ্ৰেপ্তাৰ কৰে ৷ বিহপুৰীয়া আৰক্ষীয়ে ইতিমধ্যে প্ৰৱঞ্চক দুটাৰ পৰা ম'বাইল ফোনটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: বিহপুৰীয়াত নকল সোণসহ গ্ৰেপ্তাৰ প্ৰবঞ্চক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.