ETV Bharat / state

নাৰায়ণপুৰত বিজেপিৰ যোগদান কাৰ্যসূচী

author img

By

Published : Jan 3, 2021, 9:32 PM IST

লক্ষীমপুৰৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে কেইবা শতাধিক পুৰুষ-মহিলাই । নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা এখন দলীয় সভাত বিহপুৰীয়া সমষ্টিৰ বিভিন্ন পঞ্চায়ত এলেকাৰ পৰা অহা ভিন্ন ৰাজনৈতিক দলৰ কৰ্মী-সমৰ্থকে দলটোত যোগদান কৰে ।

নাৰায়ণপুৰত বিজেপিৰ যোগদান কাৰ্যসূচী
নাৰায়ণপুৰত বিজেপিৰ যোগদান কাৰ্যসূচী

লক্ষীমপুৰ, ৩ জানুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বে ৰাজ্য়খনৰ বিভিন্ন দল সমূহতো যোগদানৰ এক প্ৰতিযোগিতা আৰম্ভ হৈছে । প্ৰতিটো দলতে বিভিন্ন লোকে যোগদান কৰা দেখা গৈছে । লক্ষীমপুৰৰ নাৰায়ণপুৰতো দেওবাৰে বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ কেইবা শতাধিক পুৰুষ-মহিলাই যোগদান কৰে । নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিচ কৰা এখন দলীয় সভাত বিহপুৰীয়া সমষ্টিৰ বিভিন্ন পঞ্চায়ত এলেকাৰ পৰা অহা ভিন্ন ৰাজনৈতিক দলৰ কৰ্মী-সমৰ্থকে দলটোত যোগদান কৰে ।

নাৰায়ণপুৰৰ টেঙাপথাৰ অঞ্চলৰ এগৰাকী অগ্ৰণী কৃষি উদ্যোগী যুৱক মিলন বৰাৰ নেতৃত্বত লোকসকলে বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাৰ উপস্থিতিত দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে । বিজেপি নেতা যতীন মহন্তৰ সভাপতিত্বত অনুষ্ঠিত দলীয় সভাখনত বিধায়ক গৰাকীৰ ওপৰিও জিলা পৰিষদৰ কেইবাগৰাকী সদস্যৰ লগতে বহুকেইগৰাকী পঞ্চায়ত প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে । নাৰায়ণপুৰ মণ্ডল বিজেপিৰ সভাপতি গুনেশ্বৰ গগৈয়ে আঁত ধৰা সভাখনত বিধায়ক দেবানন্দ হাজৰিকাই দলটোত যোগদান কৰা প্ৰতিগৰাকী লোককে দলীয় গামোচা আৰু টুপীৰে দললৈ স্বাগতম জনায় ৷

লগতে পঢ়ক : হাজোত আনুষ্ঠানিকভাৱে প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদৰ AJP ত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.