ETV Bharat / state

বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকাক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত প্ৰতিবাদ - বিজেপিৰ কাৰ্যালয়ত উত্তাল পৰিৱেশ

লখিমপুৰ জিলাৰ নৰায়ণপুৰস্থিত বিজেপিৰ কাৰ্যালয়ত উত্তাল পৰিৱেশ । বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকাক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত প্ৰতিবাদ শতাধিক বিজেপি কৰ্মীৰ ।

বিহপুৰীয়া সমষ্টিত বিজেপিত প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত

author img

By

Published : Mar 5, 2021, 6:46 PM IST

বিহপুৰীয়া, ৫ মাৰ্চ: নিৰ্বাচনৰ পূৰ্বে লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিত বিজেপিৰ নেতা-কৰ্মীৰ মাজত প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে । বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকাক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনাইছে একাংশ বিজেপি কৰ্মীয়ে ৷ শুক্ৰবাৰে সমষ্টিটোৰ নাৰায়ণপুৰস্থিত বিজেপি দলৰ কাৰ্যালয়ত বিজেপিৰ শতাধিক নেতা-কৰ্মী উপস্থিত হৈ বিধায়কগৰাকীক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিহপুৰীয়া সমষ্টিত বিজেপিত প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত

দেৱানন্দ হাজৰিকা জিন্দাবাদ, দেৱানন্দ হাজৰিকাক টিকট দিয়ক আদি শ্ল'গানেৰে কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে । আনহাতে, বৰ্তমানৰ বিধায়কগৰাকী প্ৰাৰ্থীত্ব লাভৰ পৰা বঞ্চিত হ’লে সমষ্টিটোৰ একাধিক পঞ্চায়ত প্ৰতিনিধিৰ লগতে একাংশ দলীয় বিষয়ববীয়াও পদত্যাগ কৰাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, প্ৰাক্তন ছাত্ৰনেতা অমিয় কুমাৰ ভুঞাক দলে বিহপুৰীয়া সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰা বুলি খবৰ বিয়পি পৰাৰ পিছতে দেৱানন্দ হাজৰিকাৰ সমৰ্থক তথা দলীয় নেতা-কৰ্মীসকল ক্ষোভিত হৈ পৰে ৷ দেৱানন্দ হাজৰিকাক এগৰাকী স্বচ্ছ আৰু নিকা জনপ্ৰতিনিধি আখ্যা দি পুনৰ প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনালে বিজেপি নেতা-কৰ্মীসকলে ৷

PLEASE CHANGE THUMBNAIL

লগতে পঢ়ক:নিৰ্বাচনলৈ সাজু ধুবুৰী জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.