ETV Bharat / state

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানত অংকীয়া ভাওনা সমাৰোহৰ আয়োজন - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ

অহা ২৯ জানুৱাৰীৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত আয়োজন কৰা হৈছে অংকীয়া ভাওনা সমাৰোহ । দুয়োজনা গুৰুৰ ১২ খন অংকীয়া নাট প্ৰদৰ্শন কৰা হ'ব এই সমাৰোহত । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি নৱ প্ৰজন্মক আকৃষ্ট কৰি এই ধাৰা অক্ষুণ্ণ ৰখাৰ প্ৰয়াস কৰিছে আয়োজকসকলে ।

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত অংকীয়া ভাওনা সমাৰোহৰ আয়োজন

author img

By

Published : Dec 21, 2020, 3:24 PM IST

বিহপুৰীয়া, ২১ ডিচেম্বৰ : খোল-তালৰ শব্দ, গীত-ভটিমাৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰিব লখিমপুৰৰ লেটেকুপুখুৰী । মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব অংকীয়া ভাওনা সমাৰোহ । ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই সমাৰোহত দুয়োজনা গুৰুৰ ১২ খন অংকীয়া নাট প্ৰদৰ্শন কৰা হ'ব । সোমবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে আদৰণি সমিতিয়ে । সংবাদমেলত নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে কয় যে, লকডাউনৰ সময়ত শিল্পী তথা ভাওনাৰ লগত বিভিন্ন ধৰণে জড়িত হৈ থকা লোকসকলৰ জীৱন আৰু কাম-কাজ এক প্ৰকাৰ স্থবিৰ হৈ পৰিছিল । এইসকল লোকক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে এই ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে ।

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত অংকীয়া ভাওনা সমাৰোহৰ আয়োজন

এই সমাৰোহত প্ৰায় ৬০০ গৰাকী শিল্পীয়ে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এখন মঞ্চ পাব । লগতে ভাৱৰীয়া পোছাক তৈয়াৰ কৰা লোকসকলেও ব্যৱসায়িক ক্ষেত্ৰত উপকৃত হ'ব বুলি মন্তব্য কৰে সত্ৰাধিকাৰগৰাকীয়ে । তিনিদিনীয়া সমাৰোহত আলোচনা চক্ৰ, স্মৃতিগ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা কৰিছে আদৰণি সমিতিয়ে ।

ইতিমধ্যে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীক সভাপতি আৰু বেণুকান্ত হাজৰিকা আৰু উপেন বৰুৱাক যুটীয়া মুখ্য সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি কেইবাখনো উপ-সমিতিসহ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি প্ৰস্তুতি আৰম্ভ কৰিছে । এই সমাৰোহত ৰাজ্যৰ সাংস্কৃতিক বিভাগে সহযোগিতা আগবঢ়োৱাৰ লগতে বিভাগীয় মন্ত্ৰীগৰাকী উপস্থিত থকাৰো আশা প্ৰকাশ কৰিছে আয়োজকসকলে । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্য পৃষ্ঠপোষক হিচাপে থাকিবলৈও আহ্বান জনায় ।

লগতে পঢ়ক:নগাঁৱৰ ঐতিহাসিক চাপানালা পৰ্যটন ক্ষেত্ৰত নাই পৰ্যটকৰ ভিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.