ETV Bharat / state

বান বিধ্বস্ত লখিমপুৰৰ কৃষকলৈ বৰো ধানে আনিছে আশাৰ সঞ্চাৰ

author img

By

Published : Mar 7, 2020, 9:23 PM IST

বাৰিষাৰ বানত ডুব যোৱা লখিমপুৰৰ কৃষি ভূমি সেউজীয়া হৈছে ফাগুন মাহত ৷ বিকল্প কৃষি হিচাপে বৰো ধানৰ খেতিত এতিয়া ব্যস্ত লখিমপুৰৰ শ-শ কৃষক ৷

Bao Dhan as alternative measures for Agriculture in Flood pron in Lakhimpur District
বান বিধ্বস্ত লখিমপুৰৰ কৃষকলৈ বড়ো ধানে আনিছে আশাৰ সঞ্চাৰ

লখিমপুৰ, 7মাৰ্চ: লখিমপুৰৰ বাৰিষা বানত ডুব যোৱা পথাৰ এতিয়া চকুৰে মনিব পৰা লৈকে কেৱল সেউজীয়া আৰু সেউজীয়া ৷ বাৰিষাৰ বানৰ ফলত শালি খেতি কৰিব নোৱাৰা একাংশ অঞ্চলত কৃষকসকল এতিয়া ব্যস্ত বৰো ধানৰ খেতিত ৷ লখিমপুৰ জিলাৰ কৃষি বিভাগৰ অধীনত জিলাখনৰ 13 টা কৃষি খণ্ডত প্ৰায় 25 হেক্টৰ ভূমিত বৰো খেতিত ব্যস্ত কৃষকসকল ৷ প্ৰতিজন কৃষকক 3 বিঘা মাটিত বৰো খেতি কৰিব পৰাকৈ বীজৰ লগতে পানী যোগানৰ ব্যৱস্থা কৰিছে লখিমপুৰ জিলা কৃষি বিভাগে ৷

লখিমপুৰৰ প্ৰতিটো কৃষি খণ্ডত 2000 বিঘা কৃষিভুমি সামৰি লৈ বৰো খেতিৰ প্ৰতি কৃষকক দিহা পৰামৰ্শ আগবঢ়াইছে কৃষি বিষয়াই ৷ কৃষি বিষয়াৰ এই পৰামৰ্শ মানি বিঘাই প্ৰতি 25 মোন ধান উৎপাদনৰ লক্ষ্য লৈছে কৃষক সকলে ৷ ইয়াৰ উপৰিও বৰো খেতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা কৃষকক চিনাক্ত কৰি কৃষি বিভাগৰৰ সৈতে সহায়ৰ বাবে যোগাযোগ কৰাই দিছে পঞ্চায়ত প্ৰতিনিধিয়ে ৷ প্ৰতিখন পথাৰত পানী যোগানৰ ব্যৱস্থাৰ লগতে সাৰ, বীজ, মাটিৰ গুণাগুণ পৰীক্ষাত সহায়কাৰী হিচাপে থিয় দিছে কৃষি বিষয়াই ৷

মন কৰিব লগীয়া যে, 2017-18 বৰ্ষত 20 হাজাৰ কৃষি ভূমিৰ বিপৰীতে এইবাৰ 25 হাজাৰ হেক্টৰলৈ বৃদ্ধি পাইছে বৰো ধানৰ খেতি কৰা মাটিৰ পৰিমান ৷ বাৰিষা শালি খেতিৰ পৰা ভাল উৎপাদন নোপোৱা বহু কৃষকেও এতিয়া বৰো খেতি উৎপাদনে চলাইছে নিজৰ পৰিয়াল ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.