নাওবৈচা, 19 অক্টোবৰ : ৰাজ্যৰ হেজাৰ হেজাৰ পুৰুষ-মহিলাৰ মুখত আশাৰ ৰেঙণি৷ বন্ধন বেংকে পুৰুষ-মহিলাৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে (Bandhan Bank loan facility) । বন্ধন বেংকৰ ঋণেৰে ব্যৱসায় কৰি সফল হোৱা তেনে দুগৰাকী ব্যক্তি হৈছে নাওবৈচাৰ অজয় আৰু গীতালি (Successful entrepreneur from naoboicha Lakhimpur) ।
উল্লেখ্য, বন্ধন বেংকে নাওবৈচাৰ বিভিন্ন অঞ্চলৰ দুখীয়া মহিলা তথা পুৰুষসকলক ঋণ দি কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিছে (Bandhan bank loan for entrepreneur) । বন্ধন বেংকৰ পৰা ঋণ লৈ এতিয়া তেওঁলোক আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে ৷ তেনে এগৰাকী ব্যক্তি হৈছে অজয় সুত । প্ৰথম অৱস্থাত এইগৰাকী লোকে বজাৰে বজাৰে গৈ আনৰ পুৰণা চাইকেল মেৰামতি কৰি কোনোমতে পৰিয়ালক ভৰণ-পোষণ দি আছিল ।
পিছত ২০২০ চনত বন্ধন বেংকৰ পৰা অজয় সুতে ২.৫০ লাখ টকা ঋণ লৈ দলহাট বজাৰত এখন চাইকেল দোকান আৰম্ভ কৰে ৷ তাত এতিয়া কেৱল পুৰণা চাইকেল মেৰামতি কৰাই নহয় । অজয় সুতে বৰ্তমান বিভিন্ন ধৰণৰ নতুন চাইকেল নিজৰ দোকানত বিক্ৰী কৰি দলহাট বজাৰৰ ভিতৰতে এজন সফল ব্যৱসায়ী হিচাপে পৰিগণিত হৈছে ।
আনহাতে, আন এগৰাকী উদ্যমী হৈছে গীতালি ৰায় । বিগত দুটা বছৰত কোভিডসৃষ্ট পৰিৱেশৰ বাবে সমগ্ৰ দেশতে লকডাউন হোৱাৰ পিছত গীতালি ৰায় আৰ্থিকভাৱে জুৰুলা হৈ পৰে ৷ ইয়াৰ পিছতে গীতালি ৰায়ে বন্ধন বেংকৰ কাষ চাপে আৰু ঋণ লৈ নাওবৈচা বন্ধন বেংকৰ কাষৰতে এখন হোটেল আৰম্ভ কৰে ৷
বৰ্তমান গীতালি ৰায় আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে আন কেইবাটাও পৰিয়ালক দিছে সংস্থাপনৰ বাট । এনে বহু উদাহৰণ আছে নাওবৈচাৰ বিভিন্ন অঞ্চলত ৷ বন্ধন বেংকৰ পৰা ঋণ লৈ নাওবৈচাৰ বহু ভিতৰুৱা অঞ্চলৰ পুৰুষ-মহিলা এতিয়া আন দহজনৰ বাবে সোণ হৈ জিলিকি উঠিছে ।
আনহাতে নাওবৈচাৰ দলহাট বজাৰৰ চন্দনা দেৱনাথেও যোৱা দহ বছৰ পূৰ্বে বন্ধন বেংকৰ পৰা এটা সৰু ঋণ লৈ এখন জাল আৰু সূতাৰ দোকান আৰম্ভ কৰিছিল (Nowboicha women become self sufficient)৷ পৰৱৰ্তী সময়ত ব্যৱসায় ভাল হোৱাৰ পৰিপ্ৰেক্ষিতত চন্দনাই ২০২১ চনত বন্ধন বেংকৰ পৰা পুনৰ ৯০ হাজাৰ টকাৰ ঋণ লৈ দোকানখনৰ নাম দেৱনাথ ষ্ট'ৰ ৰাখি তেওঁ ব্যৱসায়িক ক্ষেত্ৰখন বহল কৰে । দৈনিক ১০ৰ পৰা ১২ হাজাৰৰো অধিক উপাৰ্জনেৰে নিজৰ পৰিয়ালটি সুন্দৰকৈ চলাই লৈ যোৱাৰ লগতে দোকানখনত আৰু দুটা পৰিয়ালক সংস্থাপনৰ বাট দেখুৱাইছে চন্দনাই ।
নাওবৈচাত কেৱল এটা উদাহৰণহে । এনেকুৱা ৰাজ্যখনত হাজাৰ হাজাৰ চন্দনা দেৱনাথৰ দৰে মহিলা আছে যিসকলে বন্ধন বেংকৰ পৰা পৰা ঋণ লৈ নিজেই স্বাৱলম্বী হোৱাৰ লগতে নীৰৱে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ টনকিয়াল কৰি আহিছে ।
লগতে পঢ়ক : Protest against Price Hike : কলগাছিয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআইএমৰ প্ৰতিবাদ