ETV Bharat / state

Jankie Panai field : ঘূণাসুঁতিত জংকী পানেই ক্ষেত্র স্থাপনৰ দাবী

author img

By

Published : May 10, 2023, 1:50 PM IST

ঘূণাসুঁতিত জংকী পানেই ক্ষেত্র নিৰ্মাণৰ দাবী জনাইছে অসমীয়া যুৱ মঞ্চই (Jankie Panai field in Ghunasuti)। লখিমপুৰৰ নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্র উদ্বোধনৰ দিনাই উত্থাপিত হৈছে এই দাবী ।

Demand for construction of Jankie Panai field
জংকী পানেই ক্ষেত্র
জংকী পানেই ক্ষেত্র

লখিমপুৰ, ১০ মে': লখিমপুৰত বুধবাৰে বহু প্ৰত্যাশিত মাধৱদেৱ কলাক্ষেত্র উদ্বোধন কৰিব মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Madhavadeva Kalakshetra in Lakhimpur )। মাধৱদেৱ কলাক্ষেত্র উদ্বোধনৰ দিনটোতে জিলাখনত আন এখন ক্ষেত্র স্থাপনৰ দাবী উঠিছে । জিলাখনৰ ঘূণাসুঁতিত জংকী পানেই ক্ষেত্র স্থাপনৰ বাবে মুখ্যমন্ত্রীক দাবী জনাইছে অসমীয়া যুৱ মঞ্চই ।

লখিমপুৰৰ নাৰায়ণপুৰত আজি বহু প্ৰত্যাশিত মাধৱদেৱ কলাক্ষেত্র উদ্বোধন হ'ব । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্রখন উদ্বোধন কৰিব । এই কলাক্ষেত্রৰ জৰিয়তে জিলাখন পুনৰ ৰাজ্যিক বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিব । পিছে এই ভাল দিনটোতে পুনৰ জিলাখনত আন এখন ক্ষেত্র স্থাপনৰ দাবী জনাইছে অসমীয়া যুৱ মঞ্চই । যুৱ মঞ্চই জিলাখনৰ ঐতিহাসিক ঘূনাসুতিত জংকী পানেই ক্ষেত্র নিৰ্মাণৰ দাবী জনাইছে (Demand for construction of Jankie Panai field) ।

উল্লেখ্য যে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে তাহানিতে লখিমপুৰত উপ পতিসমাহৰ্তা ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ঘূণাসুঁতিক পটভূমি কৰি এটি অমৰ প্ৰেম কাহিনীৰে কালজয়ী উপন্যাস 'মিৰি জীয়ৰী'ৰ সৃষ্টি কৰিছিল (AYM demand for Jankie Panai field )। জনপ্রিয় হোৱা 'মিৰি জীয়ৰী' আজিও সমাদৃত হৈ আছে । এই 'মিৰি জীয়ৰী' উপন্যাসৰ পটভূমি ঘূণাসুঁতিত উপন্যাসখনৰ নায়ক নায়িকা জংকী পানেই নামেৰে এখন ক্ষেত্র স্থাপন কৰাৰ দাবী উঠিছে । দীর্ঘদিন ধৰি এই দাবী উঠি আহিছে ।

বিগত সময়ত কংগ্রেছ চৰকাৰৰ শাসন কালত ক্ষেত্রখন স্থাপন কৰাৰ কথা কৈছিল যদিও বাস্তৱত সেয়া হৈ নুঠিল । বেচৰকাৰীভাৱে মাজতে ৰাইজে নিজেই ক্ষেত্রখন নিৰ্মাণৰ প্ৰয়াস কৰিছিল যদিও ব্যয়বহুল তাৰবাবে সেয়াও হৈ নুঠিল । সম্প্রতি মাধৱদেৱ কলাক্ষেত্র উদ্বোধনৰ প্ৰসংগতে পুনৰ চৰকাৰক জংকী পানেই ক্ষেত্র স্থাপনৰ আহ্বান জনাইছে অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সম্পাদক অনুপম শইকীয়াই । তেওঁ মাধৱদেৱ কলাক্ষেত্র নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনোৱাৰ উপৰি ঘূণাসুঁতিক সংযোগ কৰি ঘাগৰ দলং নিৰ্মাণৰ প্ৰস্তুতিৰ বাবে চৰকাৰক জ্ঞাপন কৰি জংকী পানেই ক্ষেত্র স্থাপনৰ বাবে মুখ্যমন্ত্রীক আহ্বান জনায় । ক্ষেত্রখন হ'লে দেশী-বিদেশী পৰ্যটকে ঘূণাসুঁতিলৈ আহিব আৰু জিলাখন পৰ্যটন সম্ভাবনীয়তাৰ দিশে আগুৱাই যাব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক:African swine fever: মঙলদৈত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.