ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ - ৰাজ্যজুৰি আছুৰ বিক্ষোভ

ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ কৰাত হৈছে ৰাজ্য চৰকাৰ ৷ সেয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে আছু ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ ৷

assu protest against price hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ
author img

By

Published : Oct 22, 2021, 5:09 PM IST

লখিমপুৰ/মাজুলী/মৰাণ/দৰং, 22 অক্টোবৰ : মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যৰ সাধাৰণ জনতাক ৷ দেশ তথা ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ কাল কৰ’ণাই দেশ তথা ৰাজ্যৰ অৰ্থনীতি কোঙা কৰাৰ পাচত এইবাৰ মূল্যবৃদ্ধিয়ে ৰাজহাঁড়তে কোব সোধাইছে সাধাৰণ জনতাৰ ৷

assu protest against price hike
আছুৰ অভিনৱ প্ৰতিবাদ

দিনক-দিনে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাত বিপাঙত পৰিছে সাধাৰণ জনতা ৷ সাধাৰণ সামগ্ৰী এটা ক্ৰয় কৰিবলৈয়ো হাতলৈ-মুখলৈ চাব লগা পৰিস্থিতি আহি পৰিছে ৷ এনে পৰিস্থিতি বিৰোধিতা কৰি শুকুৰবাৰে সমগ্ৰ ৰাজ্যতে চৰকাৰৰ বিৰুদ্ধে আছুৱে ৰূপায়ন কৰে এক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীৰ ৷

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে লখিমপুৰতো জিলা ছাত্ৰ সন্থাই উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৷ মূল্যবৃদ্ধিয়ে ৰাইজক নাজল-নাথল কৰাৰ পাচতো বৰ্তমানেও নিদ্ৰাত মগ্ন ৰাজ্যৰ যোগান বিভাগ ৷ চৰকাৰখনে এতিয়া ৰাইজৰ পক্ষ এৰি বনিয়াৰ পক্ষ লৈছে ।

assu protest against price hike
ৰাজ্যজুৰি আছুৰ বিক্ষোভ

কেৱল হিতাধিকাৰী সৃষ্টি কৰি, ভিন্ন আঁচনি গ্ৰহণ কৰি চৰকাৰে কেৱল ৰাজনৈতিক গাদী সুৰক্ষিত কৰিছে’ । এই বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷ আনকি প্ৰতিবাদকাৰী সকলৰ দাবী, শীঘ্ৰে চৰকাৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে আৰু অধিক জংগী আন্দোলন গঢ়ি তুলিব আছুৱে ৷ প্ৰতিবাদস্থলীৰ পৰাই এই ৰাজ্য চৰকাৰক সকীয়নী প্ৰতিবাদী ছাত্ৰ নেতাৰ ৷

assu protest against price hike
আছুৰ সত্যাগ্ৰহ

লগতে পঢ়ক : ভাৰতীয় নাগৰিকত্ব বিচাৰি 4046 গৰাকী হিন্দু সম্প্ৰদায়ৰ লোকৰ আবেদন

পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মাজুলী জিলা ছাত্ৰ সন্থায়ো শুকুৰবাৰে মাজুলী জিলা সদৰ গড়মূৰত ৰূপায়ন কৰে এক গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ । প্ৰতিবাদ স্থলীৰ পৰাই চৰকাৰলৈ আহ্বান, অতি সোনকালে ৰোধ কৰক মূল্যবৃদ্ধি । নহ’লে সাধাৰণ ৰাইজে নাখায় মৰিব লাগিব ৷

assu protest against price hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ

ইফালে বজাৰত জুই লগাৰ পাচতো গভীৰ নিদ্ৰাত আছে যোগানমন্ত্ৰী ৷ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ কিম্বা অসমৰ মুখ্যমন্ত্ৰী গৰাকী ৷ এই বুলি গৰজি উঠে প্ৰতিবাদকাৰী সকল ৷ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰ খনৰ যিকোনো বিষয়ববীয়াক যিকোনো ক্ষেত্ৰতে অদৰকাৰী তথা টুলুঙা মন্তব্য নকৰিবলৈ সকীয়নি প্ৰদান কৰে মাজুলী জিলা ছাত্ৰ সন্থাই ।

ইফালে মূল্যবৃদ্ধিৰ বিৰুদ্ধে চৰাইদেউৰ সোণাৰিতো আছুৱে ৰূপায়ন কৰে এক সত্যাগ্ৰহ কাৰ্যসূচীৰ । লগতে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা সোণাৰি নগৰত উলিওৱা হয় এক প্ৰতিবাদী সমদলো । সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত কেইবাখনো আঞ্চলিক সমিতিয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ।

আনহাতে, মূল্যবৃদ্ধিৰ বিৰোধিতাৰে দৰং জিলা আছুৰ উদ্যোগতো ম'হৰ গাড়ীত উঠি এক অভিনৱ পন্থাৰে ৰূপায়ন কৰা হয় এক সত্যাগ্ৰহ কাৰ্যসূচীৰ ৷ মঙলদৈ শ্বহীদ ভৱনৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সত্যাগ্ৰহ কাৰ্যসূচী ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হৈ মঙলদৈ চহৰৰ মাজ-মজিয়াৰে গৈ অন্ত পৰে শ্বহীদ ভৱনত । কেন্দ্ৰীয় চৰকাৰ হায় হায়, ৰাজ্য চৰকাৰ হায় হায়, যোগান মন্ত্ৰী কাম নাই আদি ধ্বনিৰে প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে মঙলদৈ চহৰ ৰাজপথ ৷

লগতে পঢ়ক : তুলসীবাৰীত ৰাজহুৱা শ্মশানৰ আন্তঃগাঠনি উন্নয়নৰ নামত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.