লখিমপুৰ ৩১ জানুৱাৰী : অসমত বঙালী সংগঠন সমুহক নিষিদ্ধ কৰাৰ দাবীত আজি লখিমপুৰত অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে (AYM demands ban on Bengali organizations in Assam) । অসমত বঙালী সংগঠন ক নিষিদ্ধ কৰাৰ দাবীত আজি লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে (Assamiya Yuva mancha protest) ।
বাৰে বাৰে অসমীয়া ভাষাক অপমান কৰাৰ অভিযোগ তুলি পুত্তলীকা দাহেৰে অসমত আটাইবোৰ বঙালী সংগঠন নিষিদ্ধ কৰাৰ দাবী । অসমীয়া ভাষা বিৰোধী বঙালী সংগঠনক মুকলি প্ৰত্যাহ্বানো জনায় অসমীয়া যুৱ মঞ্চই (Assamiya Yuva mancha challenges Bengali organizations)। ইয়াৰোপৰি এই সন্দৰ্ভত চৰকাৰক তৎকালীন ব্যবস্থা গ্রহণ কৰাৰ দাবী জনায় প্ৰতিবাদ কাৰী সকলে ।
চৰকাৰে ব্যবস্থা গ্রহণ নকৰিলে বঙালী সংগঠনৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ ৰণুৱা ডেকা ওলাই আহিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদ কাৰী সকলে ।
লগতে পঢ়ক : ৰাজ্যসভাত বিজেপিক ভেটাৰ বাবে কি পৰিকল্পনা ভূপেন বৰাৰ ?