ETV Bharat / state

লখিমপুৰৰ চূড়ান্ত ভাৱে ব্যৰ্থ বন বিভাগ ! - বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য

বনজ সম্পদৰ অবাধ লুণ্ঠন আৰু চোৰাং চিকাৰ ৰোধ কৰাৰ ক্ষেত্ৰত লখিমপুৰৰ বন বিভাগ চূড়ান্ত ভাৱে ব্যৰ্থ হোৱাৰ অভিযোগেৰে অসমীয়া যুৱ মঞ্চই জিলা বনাঞ্চলিক কাৰ্যালয়ৰ সন্মুখত বন বিষয়া যাদৱ চন্দ্ৰ নাথ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি দাহেৰে কৰিলে প্ৰতিবাদ ৷

Assamese Youth Forum protests in Lakhimpur against Forest Department
লখিমপুৰৰ চূড়ান্ত ভাৱে ব্যৰ্থ বন বিভাগ !
author img

By

Published : Sep 29, 2020, 5:04 PM IST

লখিমপুৰ,29ছেপ্তেম্বৰঃ লখিমপুৰৰ দুলুং,ৰঙা আৰু পাভকে ধৰি বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবীৰে মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে । সংগঠনটোৱে বনজ সম্পদৰ অবাধ লুণ্ঠন আৰু চোৰাং চিকাৰ ৰোধ কৰাৰ ক্ষেত্ৰত লখিমপুৰৰ বন বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগেৰে জিলা বনাঞ্চলিক কাৰ্যালয়ৰ সন্মুখতে বন বিষয়া যাদৱ চন্দ্ৰ নাথ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি দাহ কৰে ৷

লখিমপুৰৰ চূড়ান্ত ভাৱে ব্যৰ্থ বন বিভাগ !

তদুপৰি, জিলাখনৰ সংৰক্ষিত বনাঞ্চলত অৰুণাচলৰ একাংশ লোকৰ বে-দখল ৰোধত ব্যৰ্থ হোৱাৰ অভিযোগৰ লগতে বন বিভাগৰ একাংশ বিষয়াৰ সৈতে বনজ সম্পদৰ চোৰাং সৰবৰাহকাৰীৰ গোপন মিতিৰালি থকাৰ গুৰুতৰ অভিযোগ তুলি বন বিষয়া যাদৱ চন্দ্ৰ নাথক লখিমপুৰৰ পৰা অন্য স্থানলৈ বদলি কৰাৰো দাবী উত্থাপন কৰে ৷

লগতে সমগ্ৰ বিষয় সন্দৰ্ভত চৰকাৰৰ হস্তক্ষেপ বিচাৰি বিষয়টো সন্দৰ্ভত কঠোৰ পদক্ষেপ গ্ৰহণৰ লগতে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দ্বাৰা তদন্তৰো দাবী জনায় সংগঠনটোৱে ৷

লগতে পঢ়কঃ"বিটিচি বিটিআৰ হৈছে বুলি ওলোৱা নিৰ্দেশনা সাংবিধানিক নহয়" : হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.