ETV Bharat / state

Assam Sahitya Sabha Narayanpur Conference: লাইখুঁটা স্থাপনতেই অথন্তৰ: ওলোটাকৈ উৰিল সাহিত্য সভাৰ পতাকা - অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আৰম্ভণিতে লাগিল কেণা । ওলোটাকৈ উত্তোলন কৰা হ’ল অধিবেশনৰ মূল পতাকাখনি ৷ ইফালে সাহিত্য সভাৰ মূল পতাকাখনো এইবাৰ সাহিত্য সভাৰ সভাপতিৰ পৰিবৰ্তে উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ড° অমিয় কুমাৰ ভূঞাই ৷

Assam Sahitya Sabha Narayanpur Adhiveshan
ওলোটাকৈ উৰিল অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ মূল পতাকা
author img

By

Published : Dec 15, 2022, 2:18 PM IST

চিৰ চেনেহী মোৰ ভাষা জননী

বিহপুৰীয়া, 15 ডিচেম্বৰ : অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম অধিৱেশন অনুষ্ঠিত হ'ব লখিমপুৰ জিলাৰ নাৰায়ণপুৰত(Assam Sahitya Sabha Narayanpur Adhiveshan) । আজি অনুষ্ঠিত হয় অধিৱেশনৰ লাইখুঁটা স্থাপন অনুষ্ঠান । অসম চৰকাৰৰ পৰ্যটন আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই লাইখুঁটা স্থাপন কৰে । অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ লগতে জিলা সমিতিসমূহৰ সভাপতি-সম্পাদকৰ লগতে শাখা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে । লাইখুঁটা স্থাপনৰ পূৰ্বে আছিল সাহিত্য সভাৰ পতাকা উত্তোলন কাৰ্যসূচী ।

কিন্তু সাহিত্য সভাৰ পতাকা উত্তোলন কাৰ্যসূচীতে লাগিল কেণা । যিহেতু এইখন অধিবেশন 76 সংখ্যক অধিৱেশন । গতিকে উত্তোলন হৈছিল 76 খনকৈ পতাকা আৰু ইয়াৰে মূল পতাকাখনি উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ড° অমিয় কুমাৰ ভূঞাই । দুৰ্ভাগ্যজনকভাৱে উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ড° অমিয় কুমাৰ ভূঞাই ওলোটাকৈ উত্তোলন কৰে পতাকাখন ৷

উল্লেখ্য যে, নাৰায়ণপুৰৰ বৰ খাম্তি পথাৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনখন । 2023 চনৰ 31জানুৱাৰী পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই অধিবেশনৰ ৷ অধিবেশনৰ বাবে প্ৰায় 6কোটি 40 লাখ টকা বাজেট নিৰ্ধাৰণ কৰা হৈছে ৷ কিন্তু নাৰায়ণপুৰ সাহিত্য সভা অধিৱেশনখন আয়োজনৰ পাছৰে পৰা সোমাই পৰিছে ইটোৰ পাছত সিটো বিৰ্তকৰ মাজত ৷

তাৎপৰ্যপূৰ্ণভাৱে অধিৱেশনৰ আজি লাইখুঁটা স্থাপন কৰা হয় যদিও আজিলৈকে প্ৰকাশ কৰা নহ’ল অধিবেশনৰ গোহাৰি পত্ৰ ৷ সাধাৰণতে অধিবেশনৰ প্ৰায় ছমাহ পূৰ্বে প্ৰস্তুত কৰি তোলা হয় গোহাৰি পত্ৰ ৷ কিন্তু অধিবেশনলৈ মাজত মাত্ৰ ডেৰমাহ বাকী ৷ আজি লাইখুঁটাও স্থাপন কৰা হ’ল ৷ কিন্তু এতিয়ালৈ প্ৰকাশ নাপালে গোহাৰি পত্ৰ ৷ তদুপৰি এতিয়ালৈকে কাৰোৰে হাতত নপৰিল অধিবেশনৰ কাৰ্যসূচীও ৷

ইফালে সাহিত্য সভাৰ মূল পতাকাখনো এইবাৰ সাহিত্য সভাৰ সভাপতিৰ(Assam Sahitya Sabha President) পৰিবৰ্তে উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ড° অমিয় কুমাৰ ভূঞাই ৷ জানিব পৰা মতে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ সকলো কাম-কাজ তদাৰক কৰিছে খোদ সাহিত্য সভাৰ উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ড° অমিয় কুমাৰ ভূঞাই(MLA Dr Amiya Kumar Bhuyan) ৷ অসম সাহিত্য সভাৰ ধেমাজি অধিবেশনৰো দায়িত্বত আছিল উদযাপন সমিতিৰ সভাপতি ড° অমিয় কুমাৰ ভূঞাই ৷ সেই সময়তো বিত্তীয় কেলেংকাৰীৰ মাজত সোমাই পৰিছিল অধিবেশনখন ৷

লগতে পঢ়ক : 2023 চনৰ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন সন্দৰ্ভত সংবাদমেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.