নাওবৈচা, ১৭ জুন : অসমৰ শ্ৰমিকৰ ওপৰত অব্যাহত আছে অৰুণাচলী দুৰ্বৃত্তৰ নৃশংসতা । পুনৰ এগৰাকী শ্ৰমিকক বৰ্বৰভাৱে হত্যা কৰিলে অৰুণাচলী দুৰ্বৃত্তই । মৃত লোকজন নাওবৈচাৰ লালুক কেহুতলীৰ আব্দুল ছালাম বুলি জানিব পৰা গৈছে ৷ নাহৰলগুনত এটা নিৰ্মীয়মান ভৱনৰ চকীদাৰ হিচাপে কৰ্মৰত হৈ আছিল আব্দুল ৷ বুধবাৰে নিশা অৰুণাচলী দুৰ্বৃত্তই নৃশংসভাৱে দাৰে ঘপিয়াই হত্যা কৰে চকীদাৰ আব্দুল ছালামক । এই ঘটনাৰ পাছতে নাহৰলগুন আৰক্ষী(Naharlagun Police) য়ে হত্যাকাৰীক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
এই ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অৰুণাচল চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আমছু(AAMSU) য়ে । অৰুণাচল চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে । কৰ্মসূত্ৰে অৰুণাচলত থকা অসমৰ লোকসকলৰ শীঘ্ৰে নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাইছে সংগঠনটোৱে । তদুপৰি দুৰ্ভগীয়া পৰিয়ালটোৰ কোনো সদস্যক অৰুণাচল চৰকাৰ(Arunachal Government)এ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰাৰ লগতে অসম আৰু অৰুণাচল চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে আমছুৱে ৷
লগতে পঢ়ক: ধেমাজীত জব্দ 24 লাখ টকাৰ অৰুণাচলী সুৰা