ETV Bharat / state

Assam Tourism award 2023: লখিমপুৰৰ গ্ৰাম্যানুভূতিলৈ ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ সন্মান

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 10:37 AM IST

Updated : Sep 29, 2023, 10:44 AM IST

লখিমপুৰত গ্ৰাম্য পৰ্যটনৰ বাটকটীয়া স্বৰূপ গ্ৰাম্যানুভূতি লৈ ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে আগবঢ়াইছে বিশেষ সম্মান । বিশ্ব পর্যটন দিৱসৰ দিনা শিৱসাগৰত গ্ৰাম্যানুভূতি লৈ এই সন্মান প্ৰদান কৰা হয় ।

Assam Tourism award 2023
গ্ৰাম্যানুভূতিলৈ ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ সন্মান

লখিমপুৰ, ২৯ ছেপ্টেম্বৰ : লখিমপুৰৰ গ্ৰাম্যানুভূতিলৈ ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ সন্মান । লখিমপুৰত গ্ৰাম্য পৰ্যটনৰ বাটকটীয়া স্বৰূপ গ্ৰাম্যানুভূতি লৈ ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে আগবঢ়াইছে বিশেষ সন্মান । যোৱা ২৭ ছেপ্টেম্বৰত বিশ্ব পর্যটন দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে লখিমপুৰৰ গ্ৰাম্যানুভূতিলৈ এটা ৰূপৰ গঁড়, তামৰ ফলি, ট্ৰফী, প্ৰশস্তি পত্ৰৰে সন্মান যাঁচে ।

ৰাজ্য চৰকাৰৰ পৰ্যটন মন্ত্রী জয়ন্তমল্ল বৰুৱা, পৰ্যটন বিভাগৰ সঞ্চালক ৰণোজ কুমাৰ বৰকটকী আৰু বিভাগীয় সচিব কুমাৰ পদ্মপাণি বৰাই শিৱসাগৰৰ জোনচ কায়া ৰিজৰ্টত আয়োজিত চৰকাৰী পৰ্যটন দিৱসৰ কাৰ্যসূচীত গ্ৰাম্যানুভূতিলৈ এই সন্মান যাঁচে । গ্ৰাম্যানুভূতিৰ হৈ গ্ৰাম্যানুভূতিৰ স্ৰষ্টা দিকপল লাহনে পৰ্যটন বিভাগৰ এই সন্মান গ্ৰহণ কৰে ।

উল্লেখ্য যে, ২০১৮ চনত গ্ৰাম্যানুভূতিৰ যাত্রা আৰম্ভ হয় । লখিমপুৰ নগৰৰ সমীপৰ লাহন গাঁও নিবাসী দিকপল লাহনে মনৰ চখতে কেতবোৰ অসমীয়া সমাজৰ পৌৰাণিক সম্পদ সংগ্ৰহ কৰি অতিথি কক্ষত সজাইছিল । সেয়াই আৰম্ভণি । তেতিয়া হয়তো তেওঁ তেওঁৰ এই মনৰ চখেৰে গ্ৰাম্য পৰ্যটন সম্ভাৱনীয়তাৰ দুৱাৰ খুলি দিব বুলি ভবা নাছিল ।

পৌৰাণিক সম্পদ সংগ্রহ কৰি তেওঁ সজাবলৈ লোৱাৰ পাচত ৰাইজে এইবোৰ চাবলৈ তেওঁৰ ঘৰত ভিৰ কৰিবলৈ লয় । তাতেই প্ৰেৰণা লাভ কৰি তেওঁ দুগুণ উৎসাহেৰে পৌৰাণিক সম্পদ সংগ্রহত নামি পৰে । কালক্ৰমত এই কামে গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনা প্ৰকাশ কৰাৰ লগে লগে তেওঁ বিশাল পৰিসৰত গ্ৰাম্যানুভূতি আৰম্ভ কৰে ।

তেওঁৰ ঘৰখনেই নহয়, সমগ্র বিশাল চৌহদটোকে তেওঁ সজাই পৰাই তুলিলে । এই চৌহদত ভৰি থোৱাৰ লগে লগে অতীতৰ অসমীয়া সমাজখনৰ প্ৰতিচ্ছবি ধৰা দিয়ে । গ্ৰাম্যানুভূতি নাম দি সজাই পৰাই তোলা গ্ৰাম্যানুভূতি লৈ ক্ৰমে দেশৰ ভিতৰ বাহিৰৰ পৰ্যটকৰ আগমন ঘটিল । এনেকৈয়ে মুকলি হৈ পৰিল গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তাৰ দুৱাৰ ৷

এতিয়া গ্ৰাম্যানুভূতিৰ নাম ৰৈ বৈ যোৱাৰ পৰ্যায়ত । ভবিষ্যতে অলেখ পৰিকল্পনা, বহুতৰ নিয়োগ পৰিকল্পনা কৰা দিকপল লাহনৰ এতিয়া সময় নাই । গ্ৰাম্যানুভূতিৰ জৰিয়তে অসমীয়া অতীত সমাজখনক বিশ্ব দৰবাৰত পৰিচয় কৰাই অসমীয়া হিচাপে গৌৰৱাম্বিত হোৱাৰ সীমাহীন সপোন লৈ ঢপলিয়াই ফুৰিছে দিকপলে ।

চৰকাৰী সন্মানেৰে সন্মানিত হোৱা গ্ৰাম্যানুভূতি তেওঁৰ মানস পুত্র । কথাৰে নহয়, কামেৰে তেওঁৰ এই মানস পুত্রক লৈ বিশ্ব জয় কৰাৰ হেঙুলীয়া পথেৰে এতিয়া আগুৱাই গৈছে ৷

লগতে পঢ়ক : World Tourism Day 2023:লখিমপুৰৰ গ্ৰাম্যানুভূতিত বিশ্ব পৰ্যটন দিৱস পালন

Last Updated : Sep 29, 2023, 10:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.