ETV Bharat / state

NPS Employee Protest: কৰ্মচাৰীৰ প্ৰতিবাদত অচল লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কাম-কাজ

লখিমপুৰতো এন পি এছ কৰ্মচাৰীৰ কৰ্মবিৰতি আৰু প্ৰতিবাদ ৷ স্তব্ধ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কাম-কাজ ৷ ‘‘আমাৰ ভৱিষ্যত অন্ধকাৰ ৷ আমাক নিগমে মৰিবলৈ নিদিব ৷’’ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান প্ৰতিবাদকাৰী কৰ্মচাৰীৰ ৷

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 3:15 PM IST

NPS Employee Protest
কৰ্মচাৰীৰ প্ৰতিবাদত অচল লখিমপুৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ কাম কাজ

লখিমপুৰ, 23 আগষ্ট: মঙলবাৰৰ পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি এন পি এছ কৰ্মচাৰীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ পুৰণি পেঞ্চন নীতি বাহাল ৰাখি নতুন পেঞ্চন নীতি বাতিল কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত আছে ৷ ফলত জটিল হৈ পৰিছে চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ ৷ ৰাজ্যৰ আন আন জিলাৰ দৰে লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়তো চলিছে প্ৰতিবাদ । প্ৰতিবাদৰ ফলত অচল হৈ পৰিছে কাৰ্যালয়ৰ কাম-কাজ ।

উল্লেখ্য যে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত জিলা প্ৰশাসনৰ কৰ্মচাৰী সন্থাই মঙলবাৰৰ পৰা কৰ্মবিৰতি পালন কৰে । প্ৰতিবাদী কৰ্মচাৰীসকলে ক্ষোভ প্রকাশ কৰি কয় যে, এন পি এছ বাতিল কৰি অ পি এছ বাহাল ৰখাৰ দাবীত কৰ্মচাৰী সন্থাই দীর্ঘদিন ধৰি দাবী জনাই আহিছে ৷

কিন্তু কৰ্মচাৰীৰ দাবীৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব দিয়া নাই । বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজ্য চৰকাৰ, কেন্দ্রীয় চৰকাৰক স্মাৰক পত্র যোগে দাবী জনোৱা হৈছে । তথাপি চৰকাৰে বিষষটোত গুৰুত্ব দিয়া নাই। সেয়ে কৰ্মচাৰীসকল পুনৰ আন্দোলৰ পথত নামিব লগীয়া হৈছে ।

‘‘আমি ভৱিষ্যতক লৈ চিন্তিত ৷ আমাৰ ভৱিষ্যত অন্ধকাৰ ৷ অৱসৰৰ পাচত আমি একো নাপাম ৷ নতুন পেঞ্চন আঁচনিৰ ফলত বৰ্তমান অৱসৰ লোৱা চৰকাৰী কৰ্মচাৰীসকলৰ কি লাভ হৈছে সেয়া দেখিছো ৷ সেয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমালৈ চকু মেলি চাওঁক ৷ অন্যাথা আমি নিগমে মৰিম ৷’’ এইদৰে অৱসৰৰ পাচত ভৱিষ্যত জীৱনক লৈ ক্ষোভ উজাৰিলে এন পি এছ কৰ্মচাৰীসকলে ৷

লগতে পঢ়ক: Jorhat-Majuli Bridge: যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কামৰ পৰা অব্যাহতি ১৫ জনকৈ চিকিউৰিটি গাৰ্ডক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.