ETV Bharat / state

নাওবৈচাত বিশাল যুৱ সমাৰোহৰে অগপৰ নিৰ্বাচনীক ৰণডংকা

author img

By

Published : Feb 13, 2021, 9:11 PM IST

Updated : Feb 13, 2021, 9:17 PM IST

১১০ নং নাওবৈচা বিধান সভা সমষ্টি শনিবাৰে নিৰ্বাচনীক ৰণডংকা বজালে অসম গণ পৰিষদে ৷ এই উপলক্ষে অগপই সমষ্টিটোৰ অধীনস্থ নাওবৈচা নাট্য সমাজত এখন বিশাল যুৱ সমাৰোহৰ আয়োজন কৰে ৷

assam gana parishand political meeting at nowboicha
নাওবৈচাত বিশাল যুৱ সমাৰোহৰে অগপৰ নিৰ্বাচনীক ৰণডংকা

নাওবৈচা, ১৩ফেব্ৰুৱাৰী: ৰাজ্যৰ ১১০ নং নাওবৈচা বিধান সভা সমষ্টি শনিবাৰে নিৰ্বাচনীক ৰণডংকা বজালে অসম গণ পৰিষদে ৷ এই উপলক্ষে অগপই সমষ্টিটোৰ অধীনস্থ নাওবৈচা নাট্য সমাজত এখন বিশাল যুৱ সমাৰোহৰ আয়োজন কৰে ৷

সমাৰোহত অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জয়ন্ত খাউণ্ডৰ লগতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে জিতু বৰগোহাঁয়ে ৷ আনহাতে গীতে-মাতে যুৱ সমাৰোহখনি জীপাল কৰি তুলিলে জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপে ।

সমাৰোহস্থলীত সাংবাদিকক সম্বোধন কৰি জয়ন্ত খাউণ্ডে এআইইউডিএফৰ নেতা বদৰুদ্দিন আজমলক নিৰ্বাচনীক সমালোচনাৰ লক্ষ্য কৰি লয় ৷ তেওঁ কয়, আজমলে সাধাৰণ জনতাৰ বাবে কোনো কাম নকৰিলে ৷ আগন্তুক সময়ত ৰাইজে আজমল বিহীন এখন সমাজৰ কথা চিন্তা কৰিব ৷

ইফালে নাওবৈচা বিধান সভা সমষ্টি বিষয়টো কিছু মন্তব্য প্ৰকাশ কৰে জয়ন্ত খাউণ্ডে ৷ আগন্তুক নিৰ্বাচনত নাওবৈচা সমষ্টিবাসীয়ে অগপক আদৰি ল'ব ৷ এইবাৰ নতুন চিন্তাৰে অসম গণ পৰিষদ দল আগবাঢ়িছে ৷ নাওবৈচা সমষ্টিত অগপৰ প্ৰতি ৰাইজৰ বিশ্বাস অতুত আছে ৷ গতিকে নাওবৈচা সমষ্টিটো মিত্ৰজোঁটৰ দখল থাকিব বুলি মত প্ৰকাশ কৰে জয়ন্ত খাউণ্ডে ৷

উল্লেখ্য যে, নাওবৈচা সমষ্টিত অগপ হৈ জয়ন্ত খাউণ্ডে নিৰ্বাচনত মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থীত্ব বিছাৰিব বুলি এক খবৰ প্ৰকাশ পাইছে ৷ ইয়াৰ সমান্তৰালভাৱে সমষ্টিটোৰ তৃণমূলৰ পৰ্যায়ত নিৰ্বাচনীক তৎপৰতা সৃষ্টিত প্ৰায়ে ঘোৰা পকা কৰিছে জয়ন্ত খাউণ্ডে ৷

লগতে পঢ়ক:চন্দ্ৰপুৰত ৰে'ল পথৰ সুৰংগ খান্দি থকা অৱস্থাত ভূমিস্খলন: আবদ্ধ বহুজন

Last Updated : Feb 13, 2021, 9:17 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.