ETV Bharat / entertainment

ফুলি উঠিছিল ৰজনীকান্তৰ মূল ৰক্ত পৰিবাহী ধমনী : এতিয়া সুস্থ, সোনকালে যাব পাৰিব ঘৰলৈও - Rajinikanth health condition

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Superstar Rajinikanth condition : 73 বছৰীয়া ছুপাৰষ্টাৰ ৰজনীকান্তক নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে 30 ছেপ্টেম্বৰত চেন্নাইৰ এপ’ল’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসকে তেওঁৰ এঅৰ্টা (হৃদপিণ্ডৰ পৰা ৰক্ত পৰিবাহী প্ৰধান ধমনী) ফুলি থকা ধৰা পেলায়, যাক অস্ত্ৰোপচাৰ নকৰাকৈয়ে ট্ৰেন্সকেথেটাৰ পদ্ধতি ব্যৱহাৰ কৰি চিকিৎসা কৰা হয় ৷ ডাঃ সাই সতীশে সম্পাদন কৰা প্ৰক্ৰিয়াটো সফল হয় আৰু ৰজনীকান্তৰ অৱস্থা বৰ্তমানে সুস্থিৰ আৰু দুদিনৰ ভিতৰত তেওঁক অব্যাহতি দিয়াৰ সম্ভাৱনা আছে ।

Rajinikanth Health Update: Actor's Aorta Condition Promptly Treated, To Be Discharge Soon
ছুপাৰষ্টাৰ ৰজনীকান্ত (Photo: ANI)

চিটাৰা ডেস্ক, 1 অক্টোবৰ : তামিল ছুপাৰষ্টাৰ ৰজনীকান্তক 30 ছেপ্টেম্বৰৰ নিশা নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে চেন্নাইৰ গ্ৰেমছ ৰোডৰ এপ’ল’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বিশ্বজুৰি অসংখ্য অনুৰাগী থকা 73 বছৰীয়া অভিনেতাগৰাকীক প্ৰথমতে মঙলবাৰে পুৱা চিকিৎসালয়লৈ নিয়াৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু সুবিধা মিলাই তেওঁ আগদিনা ৰাতি ভৰ্তি হোৱাৰ সিদ্ধান্ত লয় ।

চিকিৎসালয়খনৰ এক বিবৃতি অনুসৰি ৰজনীকান্তৰ হৃদযন্ত্ৰৰ পৰা ওলাই অহা মূল ৰক্তবাহী নলীডাল ফুলি উঠিছিল । অস্ত্ৰোপচাৰবিহীন, ট্ৰেন্সকেথেটাৰ পদ্ধতি ব্যৱহাৰ কৰি এই অৱস্থাৰ চিকিৎসা কৰা হৈছিল । বিবৃতিটোত কোৱা হৈছে যে, “30 ছেপ্টেম্বৰত মিষ্টাৰ ৰজনীকান্তক গ্ৰেমছ ৰোডৰ এপ'ল' হাস্পতালত ভৰ্তি কৰা হৈছিল । হৃদযন্ত্ৰৰ পৰা ওলাই অহা তেওঁৰ মূল ৰক্তবাহী নলী (Aorta) ফুলি উঠিছিল, যাৰ চিকিৎসা অস্ত্ৰোপচাৰবিহীন ট্ৰেন্সকেথেটাৰ পদ্ধতিৰে কৰা হৈছিল ।”

Rajinikanth Health Update: Actor's Aorta Condition Promptly Treated, To Be Discharge Soon
ছুপাৰষ্টাৰ ৰজনীকান্তৰ স্বাস্থ্যৰ আপডেট (Photo: ETV Bharat)

জ্যেষ্ঠ ইন্টাৰভেনশ্যনেল কাৰ্ডিঅ’লজিষ্ট ডাঃ সাই সতীশে এই পদ্ধতি সম্পন্ন কৰিছিল, ফুলাটো বন্ধ কৰিবলৈ ষ্টেণ্ট স্থাপন কৰিছিল, যিটো কৌশল এণ্ড’ভেছকুলাৰ ৰিপেয়াৰ বুলি জনা যায় । বিবৃতিটোৱে অনুৰাগী আৰু শুভাকাংক্ষীসকলক আৰু আশ্বস্ত কৰে যে এই পদ্ধতি পৰিকল্পনা মতেই কৰা হৈছিল আৰু ৰজনীকান্তৰ অৱস্থা এতিয়া সুস্থিৰ । দুদিনৰ ভিতৰত অভিনেতাগৰাকীক ঘৰলৈ যাবলৈ দিয়াৰ সম্ভাৱনা আছে ।

জনপ্ৰিয়ভাৱে থালাইভা নামেৰে পৰিচিত ৰজনীকান্ত চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছে । তেওঁৰ শেহতীয়া মুক্তি পোৱা ছবি জেইলাৰে বক্স অফিচত ব্যাপক সফলতা লাভ কৰিছিল । অনুৰাগীসকলে এতিয়া তেওঁৰ আগন্তুক প্ৰজেক্টৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ লোকেশ কানাগৰাজৰ পৰিচালনাত নিৰ্মিত কুলিতো তেওঁ অভিনয় কৰিছে ৷ ৰজনীকান্ত পুনৰ এবাৰ তেওঁৰ আইকনিক প্ৰদৰ্শনেৰে দৰ্শকক মোহিত কৰিবলৈ সাজু হৈছে ।

লগতে পঢ়ক : আঘাতপ্ৰাপ্ত অভিনেতা গোবিন্দা, হাস্পতালত ভৰ্তি - Actor Govinda leg injury

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.