নাওবৈচা, ৪ ছেপ্টেম্বৰ : প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ জিলাৰ নাওবৈচা ৷ এইবাৰ অৰুণাচলী দুৰ্বৃত্তৰ বিৰুদ্ধে নাওবৈচাৰ ভিতৰিপামৰ শুকান নদীৰ বক্ষত অৰ্ধ উলংগ হৈ প্ৰতিবাদত নামিল অসমীয়া যুৱ মঞ্চ সংগঠন লখিমপুৰ জিলা সমিতি ( Asomiya Yuva Mancha protest at Naoboicha) ৷
অৰুণাচলী দুৰ্বৃত্তই অসমৰ ভূমিত চলোৱা আগ্ৰাসনৰ লগতে শনিবাৰে অৰুণাচল প্ৰশাসনে অসম ভূমিত অবৈধভাৱে তম্বু স্থাপন কৰা ঘটনাৰ বিৰুদ্ধে দেওবাৰে সংগঠনটোৱে সাব্যস্ত কৰে এই তীব্ৰ প্ৰতিবাদ ৷ লগতে প্ৰতিবাদকাৰীৰ দাবী, ‘‘তেজ দিম অৰুণাচলীক মাটি নিদিও ৷ যদিহে অৰুণাচলীৰ কথা ভোল যায় অসমৰ মন্ত্ৰী-বিষয়াসকল তেন্তে অনাগত দিনত স্থানীয় ৰাইজৰ সহযোগত অসমীয়া যুৱ মঞ্চই জংগী আন্দোলন গঢ়ি তুলিব ৷ আনকি যদিহে এই আন্দোলনত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়, তেন্তে ইয়াৰ বাবে জগৰীয়া হ’ব অসম চৰকাৰ ৷’’ আনকি প্ৰয়োজনত হেংদাং ল’বলৈয়ো কুণ্ঠাবোধ নকৰে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে প্ৰতিবাদী অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়াই ৷ উল্লেখ্য যে, নাওবৈচা সীমান্তৱৰ্তী অসমৰ ভূমিত অৰুণাচলী লোকে আগ্ৰাসন চলাই স্থানীয় লোকক দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছে ।
শেহতীয়াকৈ অৰুণাচলী একাংশ দুৰ্বৃত্তই ঐতিহাসিক ৰাজগড় আলিলৈকে অৰুণাচলৰ ভূমি বুলি দাবী জনাই পোষ্টাৰিং কৰিছিল । লগতে শনিবাৰে অসম চৰকাৰৰ মন্ত্ৰীক বিপথে পৰিচালিত কৰিব বাবে অসম ভূমিত তম্বু স্থাপন কৰি সেই ভূমি অৰুণাচলৰ ভূমি বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰা বিষয়টোকো সংগঠনটোৱে গৰিহণা দিয়ে ।
অৰুণাচলী লোকৰ আগ্ৰাসনৰ বিৰুদ্ধে স্থানীয় বিধায়ক ভৰত নৰহে এতিয়ালৈকে কোনো গুৰুত্ব প্ৰদান নকৰা বিষয়টোক গৰিহণা যোগ্য বুলি উল্লেখ কৰি বিধায়কগৰাকীক অনাগত সময়ত তীব্ৰ গণৰোষৰ সন্মুখীন হ’বলৈ সাজু থাকিবলৈ সংগঠনটোৱে আহ্বান জনায় ।
লগতে পঢ়ক : অসম-অৰুণাচল সীমান্তৱৰ্তী ধেমাজিৰ চিলনীত উত্তেজনা