ETV Bharat / state

লখিমপুৰত আমছুৰ বিৰুদ্ধে গৰ্জন অসমীয়া যুৱ মঞ্চৰ

অসম তথা অসম বিৰোধী মন্তব্য কৰাৰ বাবে আমছুক সতৰ্ক কৰি লখিমপুৰত সংগঠনটোৰ পুত্তলিকা দাহ অসমীয়া যুৱ মঞ্চৰ । অসম আন্দোলনৰ বিৰোধিতাৰে আমছুৰ জন্ম হোৱা বুলি অভিহিত কৰি প্ৰতিবাদকাৰীসকলে আমছুক নিষিদ্ধ কৰিবলৈও চৰকাৰক দাবী জনায় ।(asomiya yuva mancha demands government to ban the amsu in assam)

Asomiya Yuva Mancha protest at Lakhimpur
লখিমপুৰত আমছুৰ বিৰুদ্ধে গৰ্জন অসমীয়া যুৱ মঞ্চৰ
author img

By

Published : Dec 22, 2021, 10:55 PM IST

লখিমপুৰ, ২২ডিচেম্বৰ : সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ বিৰুদ্ধে বুধবাৰে সৰৱ হৈ পৰে অসমীয়া যুৱ মঞ্চ(Asomiya Yuva Mancha protest at Lakhimpur)ৰ লখিমপুৰ জিলা সমিতি । লখিমপুৰ নগৰৰ মাজমজিয়াত আমছুৰ পুত্তলিকা দাহ কৰি সংগঠনটোৰ বিৰুদ্ধে হুংকাৰ দিয়ে অসমীয়া যুৱ মঞ্চই । আমছুক বাংলাদেশীৰ ৰক্ষক বুলিও ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ।

যুৱ মঞ্চই আমছুক নিষিদ্ধ কৰিবলৈও চৰকাৰক দাবী জনায় । তেওঁলোকে লগতে অসম আৰু অসমীয়াৰ স্বাৰ্থ বিঘ্নিত কৰিব পৰা কথা ক’লে নাইবা কাম কৰিলে অসমীয়া যুৱ মঞ্চৰ মুকলি প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব লাগিব বুলি আমছুক সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷ উল্লেখ্য যে, বিগত কেইবাদিন ধৰি আমছুৰ নেতৃত্বই বিধানসভা ঘেৰাও কৰাকে ধৰি বিভিন্ন মন্তব্য কৰাৰ অভিযোগ তুলি যুৱ মঞ্চই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (asomiya yuva mancha demands government to ban the amsu in assam) ৷

লখিমপুৰত আমছুৰ বিৰুদ্ধে গৰ্জন অসমীয়া যুৱ মঞ্চৰ

প্ৰতিবাদকাৰীসকলে আমছুৰ জন্মৰ ইতিবৃত্তি উল্লেখ কৰি অসম আন্দোলনৰ বিৰোধিতাৰে আমছুৰ জন্ম হোৱা বুলি অভিহিত কৰি আমছুক বাংলাদেশীৰ ৰক্ষক বুলিও তাচ্ছিল্য কৰে ৷ তেওঁলোকে আমছুৰ বিধানসভা ঘেৰাওৰ ভাবুকিক প্ৰত্যাহ্বান জনাই অসমীয়া যুৱ মঞ্চৰ ৰণুৱা ডেকাই প্ৰয়োজন হ’লে বিধানসভাৰ চৌহদত মানৱ দেৱাল গঢ়ি তুলিব বুলি সকিয়নী দিয়ে । প্ৰতিবাদকাৰীসকলে আমছু হুচিয়াৰ, অসমত আমছুৰ দাদাগিৰী নচলিব, আমছুক নিষিদ্ধ ঘোষণা কৰক আদি শ্লোগান দি প্ৰতিবাদথলী উত্তাল কৰি তোলে ।

লগতে পঢ়ক : Assam Meghalaya Border issue: বিধানসভাৰ চৌহদত প্ৰতিবাদত বহিল বিধায়িকা নন্দিতা দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.