ETV Bharat / state

Lakhimpur district bandh: বহিঃৰাজ্যৰ যুৱকক কাণত ধৰাই ভিডিঅ’ কৰি ৰঙাঘৰলৈ অসমীয়া যুৱ মঞ্চৰ তিনি নেতা - Lakhimpur district bandh

অসমীয়া যুৱ মঞ্চৰ তিনি নেতাক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত শনিবাৰে 9 ছেপ্টেম্বৰত পুৱা ছয় বজাৰ পৰা 12 ঘন্টীয়া লখিমপুৰ জিলা বন্ধৰ আহ্বান জনাইছে।

Asomiya Yuva Mancha 3 leader arrested
বহিঃৰাজ্যৰ যুৱকক কাণত ধৰাই ভিডিঅ’ কৰি ৰঙাঘৰলৈ অসমীয়া যুৱ মঞ্চৰ তিনি নেতা
author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 8:20 PM IST

বহিঃৰাজ্যৰ যুৱকক কাণত ধৰাই ভিডিঅ’ কৰি ৰঙাঘৰলৈ অসমীয়া যুৱ মঞ্চৰ তিনি নেতা

লখিমপুৰ, 8 ছেপ্টেম্বৰ : লখিমপুৰত জিলা সভাপতি সহ অসমীয়া যুৱ মঞ্চৰ তিনিজন নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ইয়াৰ পিচতে শুকুৰবাৰে বিয়লি তিনি নেতাকে জেললৈ প্ৰেৰণ কৰে ৷ ফলস্বৰূপে সংগঠনটোৱে তিনি নেতাক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত শনিবাৰে 9 ছেপ্টেম্বৰত পুৱা ছয় বজাৰ পৰা 12 ঘন্টীয়া লখিমপুৰ জিলা বন্ধৰ আহ্বান জনাইছে।

এজন বহিঃৰাজ্যৰ যুৱকক কাণত ধৰাই আঠু কঢ়োৱা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিচতেই আৰক্ষীয়ে তিনি নেতাক গ্ৰেপ্তাৰ কৰিছিল ৷ কাৰাৰুদ্ধ তিনি নেতা হৈছে লখিমপুৰ জিলা সমিতিৰ সভাপতি চিৰঞ্জিত বৰদলৈ, লখিমপুৰ আঞ্চলিক সমিতিৰ সম্পাদক দিপাংকৰ নাথ আৰু সদস্য লক্ষীকান্ত দাস। তেওঁলোকক লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে বিয়লি আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, চাৰিদিনমানৰ পূৰ্বে লখিমপুৰ নগৰ এলেকাত অসমীয়া যুৱ মঞ্চৰ জিলা সভাপতি চিৰঞ্জিত বৰদলৈয়ে এজন অনা অসমীয়া যুৱকক কাণত ধৰাই আঠু কঢ়াইছিল। যুৱকজনে অসমীয়া বিদ্বেষী মন্তব্য কৰাৰ বাবে এনেদৰে বহিঃৰাজ্যৰ যুৱকজনক আঠু কঢ়াইছিল বুলি জানিব পৰা গৈছে। পিচে এনেদৰে যুৱকজনক আঠু কঢ়াই কাণত ধৰোৱা ভিডিঅ’টো ভাইৰেল হৈ পৰে।

একাধিক পৰ্টেলে এই ভিডিঅ’টো সম্প্ৰচাৰো কৰে। এই ভিডিঅ’টো প্ৰত্যক্ষ কৰি আৰক্ষী তৎপৰ হৈ পৰে। বৃহস্পতিবাৰে প্ৰথমে চিৰঞ্জিত বৰদলৈক আটক কৰাৰ পাচত দিপাংকৰ আৰু লক্ষীকান্তকো আটক কৰে আৰক্ষীয়ে। তেওঁলোকক সোধা পোছা কৰাৰ অন্তত শুকুৰবাৰে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি আৰক্ষীয়ে তিনিও নেতাকে গ্ৰেপ্তাৰ কৰে ৷

লখিমপুৰ সদৰ থানাত তিনিওৰে বিৰুদ্ধে 329/2023 নম্বৰত আৰু 120(বি) /153(এ) /341/505(আই) (চি) /387 ধাৰাত এটা গোচৰ ৰুজু কৰা হয়। এই গোচৰ মৰ্মে আৰক্ষীয়ে তিনি নেতাকে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত লখিমপুৰ আদালতত 861/2023 নম্বৰত তিনি নেতাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হয়। তিনিওকে আদালতত হাজিৰ কৰোৱা সময়ত অধিবক্তাই জামিন আবেদন দাখিল কৰিছিল যদিও আদালতে আবেদন নাকচ কৰে।

উল্লেখ্য যে, তিনি নেতাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটোত সংযুক্ত হোৱা চাৰিটা ধাৰাৰ ভিতৰত 153(এ) আৰু 387 ধাৰা জামিন বিহীন। যাৰ বাবে আদালতে জামিন আবেদন মঞ্জুৰ নকৰে ।

ইফালে তিনি নেতাকে বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত শনিবাৰে অৰ্থাৎ ৯ ছেপ্টেম্বৰত লখিমপুৰ জিলাত 12 ঘন্টীয়া তলা আৰু চকা বন্ধৰ আহ্বান জনাইছে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে। পুৱা 6 বজাৰ পৰা বিয়লি 6 বজালৈ সংগঠনটোৱে বন্ধৰ আহ্বান জনাই ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: Bhupen Hazarika 97th birthday:ওপজা দিনত এলাগী হৈ পৰিল নেকি সুধাকণ্ঠ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.