লখিমপুৰ, ২৬ ডিচেম্বৰ : লখিমপুৰ নগৰৰ ত্যাগক্ষেত্রত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ ষষ্ঠ ত্ৰিবাৰ্ষিক কেন্দ্রীয় অধিবেশন আৰু ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মঙলবাৰে পুৱাই এক সাংস্কৃতিক শোভাযাত্রাৰ আয়োজন কৰা হয় । বাৰেৰহণীয়া এই সাংস্কৃতিক শোভাযাত্ৰাত অভিনেতা নয়ন নীলিমে অংশগ্রহণ কৰে ।
শোভাযাত্ৰাত গায়ন-বায়নৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য-গীতৰ সমাহাৰ দেখা যায় । শোভাযাত্ৰাত অংশ লৈ অভিনেতা নয়ন নীলিমে লখিমপুৰ আৰু জিলাখনৰ ৰাইজৰ উচ্চ প্ৰশংসা কৰে । অধিবেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে শোভাযাত্রাৰ পিচতে মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচন, সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয় ।
উল্লেখ্য যে এই অধিবেশনৰ প্ৰথম দিনা পুৱা চাফাই অভিযানৰ লগতে গছপুলি ৰোপণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় । তাৰ পাছতে অসমীয়া যুৱ মঞ্চৰ পতাকা উত্তোলন কৰে অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সভাপতি যাদৱ গগৈয়ে । একেদৰে মহিলা মঞ্চৰ পতাকা উত্তোলন কৰে মহিলা মঞ্চৰ কেন্দ্রীয় সভানেত্রী মিনাক্ষী গগৈয়ে ।
আদৰণি সমিতিৰ পতাকা উত্তোলন কৰে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি বাবুল চুতীয়াই । অসমীয়া যুৱ মঞ্চৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলে ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ১৮ খন পতাকা উত্তোলন কৰে । শ্বহীদ তৰ্পণ অনুষ্ঠানটোত অংশগ্ৰহণ কৰে অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সম্পাদক অনুপম শইকীয়াই । পৰৱৰ্তী সময়ত তোৰণ উন্মোচন, মূল মঞ্চ,সভাগৃহ উন্মোচনৰ পাছতে দেশপ্রেমমূলক গীত, সৃজনশীল নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হয় ।
আনহাতে উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত "সাম্প্রতিক সামাজিক প্ৰেক্ষাপটত অৰাজনৈতিক সংগঠনসমূহৰ ভূমিকা" শীর্ষক এখন আলোচনা চক্রও অনুষ্ঠিত হয় । উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্রখনত আলোচক হিচাপে বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিৰ সচিব ৰূপাংকৰ বৰা, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ কেন্দ্রীয় সচিব ৰাজু সিংহ, চুতীয়া জাতি ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি সৌৰভ শইকীয়া, সচেতন যুৱক অজিত বুঢ়াগোহাঁই, অসমীয়া যুৱ মঞ্চৰ নেতা যাদৱ গগৈ, মহিলা মঞ্চৰ নেত্ৰী মিনাক্ষী গগৈ, অভ্যৰ্থনা সমিতিৰ বাবুল চুতীয়াকে ধৰি বিভিন্ন সংগঠনৰ নেতৃত্বই অংশগ্রহণ কৰে । সন্ধিয়া কেন্দ্রীয় কাৰ্য নিৰ্বাহক, প্ৰতিনিধি সভা আদিৰে প্রথম দিনাৰ কাৰ্যসূচীৰ অন্ত পৰে ।
লগতে পঢ়ক :অধ্যক্ষৰ অপসাৰণক লৈ ৰাজপথত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ কাৰ্যসূচী