ETV Bharat / state

Protest in Lakhimpur: লখিমপুৰত বনমন্ত্রীৰ পুত্তলিকা দাহ অসমীয়া যুৱ মঞ্চৰ

author img

By

Published : Dec 12, 2022, 2:22 PM IST

আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ জন্তু প্ৰেৰণক লৈ প্ৰতিক্ৰিয়া অব্য়াহত আছে ৷ ইয়াকে লৈ এতিয়া সৰৱ হৈ পৰিছে ৰাজ্যৰ দল-সংগঠনসমূহ ৷ ইয়াৰ মাজতেই অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা জীৱ-জন্ত উলিয়াই নিয়াৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হ'ল লখিমপুৰ (AYM burn Forest Ministers effigy)।

Protest in Lakhimpur
লখিমপুৰত বনমন্ত্রীৰ পুত্তলিকা দাহ অসমীয়া যুৱ মঞ্চৰ

লখিমপুৰ, ১২ ডিচেম্বৰ: গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানি গ্ৰুপৰ ব্যক্তিগত চিৰিয়াখানালৈ জীৱ-জন্তু প্ৰেৰণ কৰা সন্দৰ্ভত বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে (Assam animal to Ambani Zoo)। ইয়াৰ মাজতেই অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা জীৱ-জন্ত উলিয়াই নিয়াৰ প্ৰতিবাদত সোমবাৰে উত্তাল হ'ল লখিমপুৰ নগৰ । অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে নগৰৰ মাজত বনমন্ত্রীৰ পুত্তলিকা দাহেৰে তেওঁৰ পদত্যাগ ৰ দাবী জনায় (Forest Ministers effigy burnt at Lakhimpur)।

অসম ৰাজ্যিক চিৰিয়াখানাৰ (Assam State Zoo) পৰা জীৱ-জন্ত উলিয়াই নিয়াৰ প্ৰতিবাদত আজি পূৱাই লখিমপুৰ নগৰৰ মাজত বন মন্ত্রীৰ পুত্তলিকা দাহ কৰে অসমীয়া যুৱ মঞ্চই (Asomiya Yuv Mancha protest at Lakhimpur)। প্ৰতিবাদকাৰীসকলে বনমন্ত্রী মুৰ্দাবাদ,বনমন্ত্রীৰ কাম নাই,বনমন্ত্রীয়ে পদত্যাগ কৰক,চন্দ্র মোহন পাটোৱাৰী গ'বেক,অসমৰ চিৰিয়াখানা ধ্বংস কৰি আম্বানিৰ চিৰিয়াখানা শুৱনি কৰিবলৈ দিয়া নহ'ব আদি শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদথলীত অসম ৰাজ্যিক চিৰিয়াখানা ধ্বংস কৰি আম্বানিৰ চিৰিয়াখানা শুৱনি কৰা কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি হুংকাৰ দিয়ে । সংগঠনটোৱে অনাগত সময়ত আন্দোলন তীব্র কৰি মুখ্যমন্ত্রীৰ বাসভৱনপৰ্যন্ত ঘেৰাও কৰা হ'ব বুলি সকীয়নি দিয়ে ।

উল্লেখ্য় যে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বিভিন্ন দুষ্প্ৰাপ্য জীৱ-জন্তু মুকেশ আম্বানিৰ মালিকানাধীন চিৰিয়াখানালৈ নিয়া হৈছে (Sending animals from Assam state zoo)। বহিৰাগত শক্তিৰ দ্বাৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জীৱ-জন্তু সৰবৰাহৰ বিশাল ছিণ্ডিকেট চলি থকাৰো অভিযোগ উত্থাপিত হৈছে । উত্থাপিত অভিযোগ অনুসৰি ২০১৮ চনৰ পৰা এতিয়ালৈকে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ১১০০ ৰো অধিক জীৱ-জন্তু আদান-প্ৰদানৰ নামত বাহিৰলৈ নিয়া হৈছে ।

উত্থাপিত অভিযোগ অনুসৰি আদান-প্ৰদানৰ নামত গুজৰাটৰ জামনগৰত থকা আম্বানি মালিকানাধীন চিৰিয়াখানালৈ ৰাজ্যিক চিৰিয়াখানাৰ জন্তু স্থানান্তৰিত কৰা হৈছে । বিনিময়ত অসম ৰাজ্যিক চিৰিয়াখানাই লাভ কৰিছে মাত্র ১৯ টা জন্তু । ইতিমধ্য়ে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা জীৱ-জন্তু নিয়াৰ এই চক্ৰান্তৰ বিৰুদ্ধে ব্যাপক জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি বিভিন্ন দল-সংগঠনে হুংকাৰ দিছে ।

লগতে পঢ়ক:Protest in Guwahati: আম্বানীৰ চিৰিয়াখানালৈ অসমৰ জন্তু প্ৰেৰণৰ বিৰুদ্ধে প্ৰতিবাদ, আটক প্ৰতিবাদকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.