ETV Bharat / state

Deforestation in Lakhimpur: সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ তাণ্ডৱ - সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ তাণ্ডৱ

লখিমপুৰৰ অৰুণাচল সীমান্তৱৰ্তী সংৰক্ষিত বনাঞ্চলত এতিয়া ব্যাপক হাৰত চলিছে বন ধ্বংসযজ্ঞ । প্ৰায়েই অৰুণাচলীয়ে মূল্যবান গছ কাটি সংৰক্ষিত বনাঞ্চল উদং কৰাৰ চেষ্টা কৰিছে (Arunachali cuts trees in reserve forest in Lakhimpur) । জিলাৰ বন বিভাগ, প্ৰশাসনে কেবল নীৰৱ দৰ্শক হৈ চাই ৰ'বলগীয়া হৈছে অৰুণাচলীৰ তাণ্ডৱ ।

Arunachali cuts trees in reserve forest in Lakhimpur
সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ তাণ্ডৱ
author img

By

Published : May 21, 2023, 10:59 AM IST

সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ তাণ্ডৱ

লখিমপুৰ,২১ মে': লখিমপুৰত অব্যাহত আছে অৰুণাচলীৰ তাণ্ডৱ । কাকৈ সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে কাটিলে সহস্রাধিক গছ । অসম অৰুণাচলৰ সীমা সমস্যা সমাধানৰ দিশে চৰকাৰে পদক্ষেপ গ্রহণ কৰি প্ৰক্ৰিয়াটো যিমানেই আগুৱাই নিছে সিমানেই লখিমপুৰত অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত অৰুণাচলীৰ তাণ্ডৱ দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে (Arunachali cuts trees in reserve forest in Lakhimpur) ।

জিলাখনত দীর্ঘদিন ধৰি অৰুণাচল সীমান্তত অৰুণাচলীয়ে বেদখল, সীমান্তৰ গঞাক ভাবুকি আদি দি আহিছিল যদিও কেন্দ্রীয় চৰকাৰৰ মধ্যস্থতাত দুয়ো ৰাজ্যই চুক্তি স্বাক্ষৰ কৰাৰ পাচৰে পৰা ইয়াৰ প্ৰকোপ বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে (Deforestation in Lakhimpur) । অৰুণাচল সীমান্তত লাগি থকা সংৰক্ষিত বনাঞ্চলসমূহত ইমান দিনে বেদখল, বন ধ্বংস আদি চলি অহাৰ পাচত সীমা চুক্তি সম্পাদন হোৱাৰ পাচৰে পৰা সীমান্তৰ পৰা চাৰি পাঁচ কিলোমিটাৰ অসম ভূমিলৈ আগুৱাই আহি ঘৰ-বাৰী সজাৰ কাম কৰিবলৈও সাহস কৰে একাংশ অৰুণাচলীয়ে ।

চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে দুলুং বনাঞ্চল, কাকৈ বনাঞ্চল, ৰঙা বনাঞ্চল আদিত বন ধ্বংসৰ প্ৰকোপ বৃদ্ধি হোৱাৰ উপৰিও তৰাজুলী, কাকৈ, ৰাজগড় আদিত কাইটীয়া বেৰা দিয়া, ঘৰ সজা আদিৰে আগ্ৰাসন অব্যাহত ৰাখে অৰুণাচলীয়ে (Deforestation in Lakhimpur Reserve Forest) । শেহতীয়াকৈ কাকৈ বনাঞ্চলত সহস্রাধিক গছ ধ্বংস কৰা এক ঘটনা পোহৰলৈ আহিছে ।

ঘটনাৰ খবৰ পাই বৃহস্পতিবাৰে ঘটনাস্থলীত লখিমপুৰৰ উচ্চপদস্থ বন বিষয়া, আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে । ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ১৬ মে' ৰ নিশা লখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলৰ ল'ৱাৰ জুমিত অৰুণাচলী দুৰ্বৃত্তই প্ৰায় ১ হেক্টৰ ভূমিৰ মূল্যবান গছ-গছনি কাটি খাস্তাং কৰি অসমৰ ভূমি দখলৰ প্রচেষ্টা চলায় ।

লখিমপুৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত তথা জহিং বনখণ্ডৰ অধীনস্থ ল'ৱাৰ জুমিত নিশা এনেদৰে অৰুণাচলী দুবৃত্তই মেচিনেৰে এফালৰ পৰা অসমৰ বনাঞ্চল ধবংস কৰি যায় । দুবৃত্তই কাকৈ সংৰক্ষিত বনাঞ্চলৰ ল'ৱাৰ জুমিত থকা অসমৰ বন বিভাগে ৰোপণ কৰা মূল্যবান গছ-গছনি বিশেষকৈ গমাৰি, আজাৰ, শিমলু, গন্ধসৰৈ, শলখ আদি বিভিন্ন গছ-গছনি এফালৰ পৰা কাটি তহিলং কৰে ৷

এই ঘটনাৰ খবৰ লাভ কৰি উক্ত স্থানত লখিমপুৰ জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ লগতে আৰক্ষী অধীক্ষক, জিলাৰ উন্নয়ন আয়ুক্ত, ৰাজহ চক্র বিষয়াসহ বন বিভাগৰ লোকে বন ধ্বংসযজ্ঞ প্ৰত্যক্ষ কৰি পৰিস্থিতিৰ বুজ লয় । কেৱল এদিনেই নহয় । প্ৰায়েই এনে ঘটনাৰ পুনৰাবৃত্তি ঘটিব ধৰিছে ।

নিশাৰ আন্ধাৰত এফালৰ পৰা গছ কাটি বনাঞ্চল উদং কৰাৰ প্ৰচেষ্টা চলিছে । এনেদৰে সহস্রাধিক গছ ধ্বংস কৰা কাৰ্যই সকলোকে হতচকিত কৰি তুলিছে । সীমা সমস্যা সমাধান কৰিবলৈ চৰকাৰৰ উদ্যোগৰ বিপৰীতে এনেদৰে সীমান্ত এলেকাত বৃদ্ধি হোৱা বন ধ্বংস, আগ্ৰাসন, ভাবুকি, গুলীচালনা আদি ঘটনাই সমস্যাটো সমাধানত হেঙাৰ হৈ থিয় দিয়াৰ আশংকা প্ৰকাশ পাইছে ।

লগতে পঢ়ক: Assam Cabinet Decisions: চাওঁতালী ভাষাত পাঠদানৰ চৰকাৰৰ সিদ্ধান্তক আদৰণি চাওঁতাল ছাত্র সন্থাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.