ETV Bharat / state

Assam Arunachal Border Issue: সমাধান হ'ব অসম অৰুণাচলৰ সীমা সমস্যা: বিধায়ক কাংগং টাকু

অসম-অৰুণাচলৰ দুই কৰ্মোদ্যমী মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত সুন্দৰ ভাৱে সমাধান হ’ব দুই ৰাজ্যৰ সীমা সমস্যা ৷ দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ হকে আন্তৰিকতাৰে কাম কৰিছে ৷ লখিমপুৰৰ ভীমপৰা সোণালী টাকু গাঁৱত অনুষ্ঠিত হোৱা টাকু বংশাৱলীৰ অধিবেশনত অংশগ্ৰহণ কৰি এই মন্তব্য অৰুণাচলৰ ৪০ নং মাৰিয়াং-গেকু বিধানসভা সমষ্টিৰ বিধায়ক কাংগং টাকুৰ (Kanggong Taku MLA Arunachal Pradesh) ৷

author img

By

Published : Mar 27, 2023, 3:42 PM IST

MLA anggong Taku comments on Assam Arunachal Border Issue
সীমা সমস্যা সমাধানৰ হকে আন্তৰিকতাৰে কাম কৰিছে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে: বিধায়ক কাংগং টাকু

লখিমপুৰ, ২৭ মাৰ্চ: অসম-অৰুণাচলৰ দুই কৰ্মোদ্যমী মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত সুন্দৰভাৱে সমাধান হ’ব দুই ৰাজ্যৰ সীমা সমস্যা ৷ এই মন্তব্য অৰুণাচলৰ বিধায়ক কাংগং টাকুৰ (Assam Arunachal Border Dispute) ৷

অসম আৰু অৰুণাচলত বৰ্তমান আছে দুই কৰ্মোদ্যমী মুখ্যমন্ত্ৰী ৷ দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ হকে আন্তৰিকতাৰে কাম কৰিছে ৷ যাৰ বাবে সুন্দৰভাৱে এই সমস্যাৰ সমাধান হ'ব ৷ এসময়ত অসমৰ অন্তর্ভুক্ত হৈ থকাৰ পাছত পৃথক ৰাজ্য হিচাপে অৰুণাচলে স্বীকৃতি পোৱাৰ সময়ত সঠিকভাৱে সীমা থিৰাং নকৰাৰ বাবে সম্প্ৰতি কেতবোৰ সমস্যাই দেখা দি আছে যদিও বৰ্তমান দুয়োখন ৰাজ্যৰ উদ্যমী মুখ্যমন্ত্ৰীদ্বয়ৰ প্ৰচেষ্টাত সমস্যাটো সুন্দৰ ভাৱে সমাধান হ'ব ৷ এই মন্তব্য অৰুণাচলৰ ৪০ নং মাৰিয়াং-গেকু সমষ্টিৰ বিধায়ক কাংগং টাকুৰ (Kanggong Taku MLA Arunachal Pradesh) ৷

লখিমপুৰৰ ভীমপৰা সোণালী টাকু গাঁৱত ২৪ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা টাকু বংশাৱলীৰ অধিবেশনত অংশগ্ৰহণ কৰিবলৈ আহি বিধায়কজনে দুয়ো ৰাজ্যৰ সীমা সমস্যা সন্দৰ্ভত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে (MLA anggong Taku on Assam Arunachal Border Issue) ৷ উল্লেখযোগ্য অসম-অৰুণাচলৰ সমন্বয় বাৰ্তাৰে লখিমপুৰত টাকু বংশাৱলীৰ অধিবেশন অনুষ্ঠিত হৈ যায় ৷ দেওবাৰে সামৰণি পৰা এই অধিবেশনৰ মুকলি সভাত অৰুণাচলৰ ৪০ নং মাৰিয়াং-গেকু বিধানসভা সমষ্টিৰ বিধায়ক কাংগং টাকুৱে অংশগ্ৰহণ কৰি অৰুণাচলৰ আদি টাকু, নিচি টাকু আৰু ভৈয়ামৰ মিচিং টাকু সকল সগোত্ৰীয় বুলি কয় (Assam arunachal taku dynasty conference) ৷

ৰাজ্য বিভাজনৰ পূৰ্বে অৰুণাচলৰ পৰা ভৈয়ামলৈ অহা মিচিং টাকু সকল অৰুণাচলৰ আদি আৰু নিচি টাকু সকলৰ ভাই ভাই বুলিও তেওঁ কয় ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অধিবেশনস্থলীত বিধায়ক টাকুৱে পাহাৰ আৰু ভৈয়ামৰ সম্প্ৰীতিৰ অৱলোকন কৰি কেৱল টাকু সকলেই নহয় অসম-অৰুণাচলৰ দুয়ো ৰাজ্যৰ বাসিন্দা ভাই-ভাই বুলি কয় (Mariyang Geku Assembly constituency) ৷

অসম-অৰুণাচলত প্ৰবাহিত হৈ থকা টাকু পৰিয়ালসকলক একগোট কৰি আৰ্থ-সামাজিক দিশত আলোচনা কৰাৰ উদ্দেশ্যৰে পোনপ্ৰথম বাৰৰ বাবে টাকু বংশাৱলীৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশন খনত ভৌগলিক অৱস্থানৰ পৃথকতা পাহৰি সকলোৱে নাচি-বাগি, গীত গাই আপোন পাহৰা হৈ পৰে ৷ উল্লেখ্য যে এই অনুষ্ঠানত সাহিত্য, সাংস্কৃতিক আৰু ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে টাকু বংশাৱলীৰ উৎপত্তি আৰু বুৰঞ্জী সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয় ৷

লগতে পঢ়ক:Bishal Janajati Gana Samawesh: গুৱাহাটীত ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ বিশাল জনজাতি গণ সমাৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.