ETV Bharat / state

লখিমপুৰ জিলাত অসমৰ ভূমি বেদখল অৰুণাচলৰ

author img

By

Published : Jul 23, 2020, 7:16 PM IST

দেশত কৰ'ণা মহামাৰী আৰু বানপানীয়ে ত্ৰাস সৃষ্টি কৰাৰ সময়তে চুবুৰীয়া ৰাজ্য় অৰুণাচল প্ৰদেশে অসমৰ ভূমি দখল কৰাৰ অভিযোগ উখাপন হৈছে ৷ লখিমপুৰ জিলাৰ নাওবৈচা সীমান্তৱৰ্তী ৰামপুৰ-ৰাজগড়ত অসমৰ ভূখণ্ড নিজৰ দখললৈ নিয়াৰ বাবে শেহতীয়াকৈ চুবুৰীয়া ৰাজ্যখনে অঞ্চলটোত সুদীৰ্ঘ-পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷ ৰামপুৰ খণ্ড বন কাৰ্য্যালয়ৰ অধীনষ্ঠ ৰামপুৰ-ৰাজগড়ত অৰুণাচল প্ৰদেশ চৰকাৰে পথ আৰু বিভিন্ন আঁচনি ৰূপায়ণেৰে অসমৰ নতুন-নতুন অঞ্চল অৰুণাচলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰো অভিযোগ উখাপন হৈছে চুবুৰীয়া ৰাজ্যখনৰ বিৰুদ্ধে ৷

Arunachal pradesh Encorsment Assam Land
নিমাত অসম চৰকাৰ : লখিমপুৰ জিলাত অসমৰ ভূমি বেদখল অৰুণাচলৰ

নাওবৈচা, ২৩ জুলাই : দেশত কৰ'ণা মহামাৰী আৰু বানপানীয়ে ত্ৰাস সৃষ্টি কৰাৰ সময়তে চুবুৰীয়া ৰাজ্য় অৰুণাচল প্ৰদেশে অসমৰ ভূমি দখল কৰাৰ অভিযোগ উখাপন হৈছে ৷ আৰক্ষী-প্ৰশাসন তথা চৰকাৰৰ দুৰ্বলতাৰ সুযোগ লৈ চুবুৰীয়া ৰাজ্য়খনে বিস্তৰ ভূমি দখল কৰি সেই ভূমিত ঘাইপথ তথা দলং নিৰ্মাণ কৰাৰ ষড়ষন্ত ৰচনা কৰাৰ অভিযোগ উখাপন হৈছে ৷ আনকি,অৰুণাচল চৰকাৰে অবৈধভাবে অসমৰ 20 কিলোমিটাৰ ভূমি দখল কৰি পকী পথ নিৰ্মাণ কৰি অসমৰ ভূমি অৰুণাচল চৰকাৰে নিজৰ দখললৈ অনাৰ চেষ্টা কৰিছে ৷

অভিযোগ অনুসৰি,লখিমপুৰ জিলাৰ নাওবৈচা সীমান্তৱৰ্তী ৰামপুৰ-ৰাজগড়ত অসমৰ ভূখণ্ড নিজৰ দখললৈ নিয়াৰ বাবে শেহতীয়াকৈ চুবুৰীয়া ৰাজ্যখনে অঞ্চলটোত সুদীৰ্ঘ-পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷ ৰামপুৰ খণ্ড বন কাৰ্যালয়ৰ অধীনষ্ঠ ৰামপুৰ-ৰাজগড়ত অৰুণাচল প্ৰদেশ চৰকাৰে পথ আৰু বিভিন্ন আঁচনি ৰূপায়ণেৰে অসমৰ নতুন-নতুন অঞ্চল অৰুণাচলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰো অভিযোগ উখাপন হৈছে চুবুৰীয়া ৰাজ্যখনৰ বিৰুদ্ধে ৷ লগতে,ৰামপুৰ সীমান্তৰ ৰঙা সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি অৰুণাচল চৰকাৰে আৰম্ভ কৰিছে নিৰ্মাণ কাৰ্য ৷ যাৰ বাবে বিগত কিছুদিনৰ পৰা উক্ত অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ হয়তো,পৰিস্থিতি সমাধান নহ'লে যিকোনো মূহুৰ্ততে উক্ত অঞ্চলত সংঘটিত হ'ব পাৰে উত্তপ্ত পৰিস্থিতি ৷

আনহাতে,অসমৰ ভূমিদৈ মুখৰ পৰা কিমিন পৰ্যন্ত ২০ কিলোমিটাৰ পকী পথ নিৰ্মাণ কৰি অসমৰ ভূমি অৰুণাচলীয়ে নিজৰ অধীনলৈ নিয়াৰ পিচতো বিশেষ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ লখিমপুৰ জিলা প্ৰশাসন,বন-বিভাগ তথা অসম চৰকাৰৰ বিৰুদ্ধে। ইয়াকে লৈ বিগত কেইবাটাও দিন ধৰি সীমান্ত অঞ্চলত অব্যাহত আছে তীব্ৰ উত্তেজনা । ক্ষোভিত হৈ পৰা অসমৰ লোকে অৰুণাচল দখলৰ পৰা অসমৰ ভূমি উদ্ধাৰৰ বাবে অসম চৰকাৰক অনতিপলমে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অন্যথা পৰিস্থিতি সমাধান নহ'লে পৰৱৰ্তী সময়ত ৰাইজে জংগী আন্দোলনৰ হুংকাৰ দিছে ৷ ইতিমধ্যে,এই ঘটনা সন্দৰ্ভত লখিমপুৰ জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰে যথোপযুক্ত ব্য়বস্থা গ্ৰহণ নকৰাত বৰ্তমান সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : গণ সংক্ৰমণৰ দিশে ধুবুৰীৰ গৌৰীপুৰ চহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.