নাওবৈচা,৩জানুৱাৰী:- সদ্যঘোষিত অসম লোক সেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত ভূমি আৰু ৰাজহ বিভাগৰ ৪৬ নং স্থান দখল কৰি বান-বিভিন্ন সমস্যাৰে জৰ্জৰিত নাওবৈচালৈ সু-নাম কঢ়িয়াই আনিলে যাত্ৰাকান্ত কৰ্মকাৰে । নাওবৈচাৰ অতি ভিতৰুৱা বাট পথৰ দুৰৱস্থাৰ লগতে শিঙৰা নদীৰ বান সমস্যাৰ মাজত জীৱন অতিবাহিত কৰি অহা অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান হৈয়ো যাত্ৰাকান্ত কৰ্মকাৰে নিজৰ একাগ্ৰতা-নিয়মানুৱৰ্তীতা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই সাফল্য আজুৰি অনাত স্বাভাৱিকতে অঞ্চলটোলৈ আনন্দৰ জোৱাৰ নামি আহিছে । যাত্ৰাকান্ত কৰ্মকাৰৰ এই গৌৰৱক লৈ গৌৰাম্বিত নাওবৈচাৰ বিভিন্ন দল সংগঠনে তেওঁক বিপুলভাৱে সম্বৰ্ধনা জনোৱাৰ সমান্তৰালভাৱে দেওবাৰে নাওবৈচাৰ সামাজিক-কৃষ্টি-সংস্কৃতি-নাটকৰ হকে কাম কৰি অহা অভিযাত্ৰী আৰু কুশীলৱ নাট্য গোষ্ঠীয়ে কৰ্মকাৰক সম্বৰ্ধনা জনায়।
নাওবৈচা মডেল প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠান দুটাই আয়োজন কৰা সম্বৰ্ধনা সভাখনত উপস্থিত থাকি নাওবৈচা কণিষ্ঠ মহাবিদ্যালয় প্ৰবক্তা দ্ৰোণ হাজৰিকাই প্ৰশংসা কৰি যাত্রাকান্তই বিভিন্ন সমস্যাৰে যুঁজ দি নিজৰ ধৈৰ্য্য, একাগ্ৰতা আৰু দৃঢ় মনোবলৰ বাবেই আজি এই সাফল্য লাভ কৰিছে বুলি মন্তব্য কৰে । আনহাতে সভাখনত উপস্থিত থাকি লখিমপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতি বুদ্ধ কায়স্থই যাত্ৰাকান্ত নাওবৈচাৰ সফলতা ছাত্র-ছাত্ৰীৰ বাবেই এক আদর্শ হওক বুলি মন্তব্য কৰে । যাত্ৰাকান্তৰ বাটেৰে সকলো ছাত্র-ছাত্ৰী আগবাঢ়ি যাওক বুলি উপদেশমূলক বক্তব্য আগবঢ়ায় ।

সভাখনত সম্বৰ্ধনা গ্ৰহণ কৰি যাত্ৰাকান্তই কয় যে, নিজৰ দক্ষতা, মনোবল, একাগ্ৰতা, ধৈৰ্য আৰু নিয়মানুৱৰ্তীতাই লক্ষ্যপ্ৰাপ্তিৰ মূল বিষয়বস্তু । ছাত্র-ছাত্ৰীসকলে এই কেইটাক আঁকোৱালি ললেই সফলতা আজুৰি আনিব পাৰিব বুলি কোৱাৰ লগতে ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে যদিহে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব খোজে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে যাত্ৰাকান্ত কৰ্মকাৰে ।
অভিযাত্ৰীৰ সভাপতি ৰাকেশ বৰাই আঁত ধৰা সভাখনত নাওবৈচা কণিষ্ঠ মহাবিদ্যালয় তথা নাওবৈচা প্ৰেছ ক্লাৱৰ উপদেষ্টা উমানন্দ বৰুৱা, যাত্ৰাকান্ত কৰ্মকাৰৰ পিতৃ নীলকান্ত কৰ্মকাৰ, সমাজকৰ্মী দিলীপ কাকতি, গংগা গগৈ, জ্যেষ্ঠ নাট্যকৰ্মী প্ৰভাত শৰ্মা, কুশীলৱ নাট্যগোষ্টীৰ সঞ্চালক তুলসী বৰা উপস্থিত থাকি এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হৈও লোক সেৱা আয়োগৰ পৰীক্ষাত সফলতাৰ লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰি শুভেচ্ছামূকল বক্তব্য প্ৰদান কৰে । অনুষ্ঠান দুটাই প্ৰশস্তি পত্ৰ, শৰাই, ফুলাম গামোচাৰে যাত্ৰাকান্তক সম্বৰ্ধনা জনায়। ইয়াৰোপৰি চুতীয়া ছাত্র সন্থা, লখিমপুৰ মটক যুগ ছাত্ৰ সন্মিলন আৰু বিভিন্ন ব্যক্তিয়ে তেওঁক ফুলাম গামোচাৰ সম্বৰ্ধনা জনায় ।
লগতে পঢ়কঃ 18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ