ETV Bharat / state

বগৰী খেতিৰে স্বাৱলম্বী লখিমপুৰৰ যুৱক

author img

By

Published : Dec 7, 2019, 4:40 PM IST

সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে প্ৰশান্তই আলু কবিৰ লগতে বগৰীৰ বাগানখনৰে নিজকে স্বাৱলম্বী কৰি তুলিছে ।

Lakhimpur
প্ৰশান্ত ৰাজখোৱা

লখিমপুৰ, 7 ডিচেম্বৰঃ চৰকাৰী চাকৰি, অথবা চৰকাৰৰ সাহাৰ্যৰ প্ৰতি ৰৈ নাথাকি স্বাৱলম্বীতাৰ পথ বাচি লৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পকাদ'লৰ এজন যুৱকে ৷ পকাদ'লৰ এই যুৱকজনৰ নাম প্ৰশান্ত ৰাজখোৱা । প্ৰশান্ত এতিয়া বহু নিবনুৱা যুৱকৰ বাবে উদাহৰণ হৈ পৰিছে ।

বগৰী খেতিৰে স্বাৱলম্বী লখিমপুৰৰ যুৱক

সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে প্ৰশান্তই আলু কবিৰ লগতে বগৰীৰ বাগানখনৰে নিজকে স্বাৱলম্বী কৰি তুলিছে । 6 বিঘা মাটিৰ এই বগৰী বাগানখনত ক্ৰমান্বয়ে পৈনত হৈছে বগৰী । 2018 চনত প্ৰথমে বগৰীৰ খেতি কৰি লাভৰ মুখ দেখিছিল প্ৰশান্তই । এইবাৰো প্ৰশান্ত আশাবাদী যে তেওঁৰ বাগানৰ বগৰীয়ে দখল কৰিব লখিমপুৰৰ বজাৰ ৷

Intro:চৰকাৰী চাকৰি, অথবা চৰকাৰৰ সাহাৰ্য ৰ প্ৰতি ৰৈ নথকা এই যুৱক জন লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰ পকাদ'লৰ প্ৰশান্ত ৰাজখোৱা। প্ৰশান্ত এতিয়া বহু নিবনুৱা যুৱকৰ বাবে উদাহৰণ হৈ পৰিছে।

Body:আলু কবিৰ লগতে প্ৰশান্ত ৰাজখোৱা ৰ এইখন বগৰী ৰ বাগান। ৬ বিঘাৰ বগৰীৰ বাগানত এতিয়া ক্ৰমান্বয়ে পৈনত হৈছে বগৰী। শাৰী শাৰী বিলাতী বগৰীৰ বাগানত প্ৰশান্ত ই দেখিছে আশাৰ ৰেঙনী। ২০১৮ চনত প্ৰথমে বগৰী ৰ খেতি কৰি লাভৰ মুখ দেখিছিল প্ৰশান্ত ই। এইবাৰো প্ৰশান্ত আশাবাদী প্ৰশান্ত ৰ বাগানৰ ৰ বগৰীয়ে দখল কৰিব লখিমপুৰ ৰ বজাৰ। চৰকাৰী সাহাৰ্য্য ৰ বিপৰীতে গাঠিৰ ধন ভাঙি প্ৰশান্ত এতিয়া স্বাৱলম্বী।

Conclusion:প্ৰশান্ত ই নিজা প্ৰচেষ্টাৰে বগৰীৰ বাগান খুলিলেও ক্ষোভ আছে চৰকাৰৰ ওপৰত । কাৰণ প্ৰকৃত কৃষকক ধুকি নাপায় চৰকাৰৰ আচনীয়েও। বতৰৰ বাবে প্ৰশান্ত ৰ বগৰীৰ বাগানত দেখা দিছে ৰোগে। কিন্ত যোগাযোগ কৰাৰ পিছতো বাগানত ভৰি দিয়া নাই কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী য়ে। প্ৰশান্ত ৰ আশা চৰকাৰৰ সহায় আৰু জিলা কৃষি বিভাগৰ দিহা পৰামৰ্শ পালে খেতিৰে অধিক স্বাৱলম্বী হৱ পাৰিব প্ৰশান্ত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.