লখিমপুৰ, ১ নৱেম্বৰ : চৰকাৰ আৰু আলফা স্বাধীনৰ মাজত শান্তি চুক্তি চাক্ষৰত ব্যৰ্থতাৰ অভিযোগ তুলি চৰকাৰক কঠোৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ শেহতীয়াকৈ আলফা স্বাধীনৰ শিবিৰত কেডাৰ হত্যাৰ প্ৰংসগতো মুখ্যমন্ত্ৰীক সমালোচনা কৰি সভাপতি বৰাই কয় যে, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজন এজন প্ৰাক্তন আলফা ৷
তেওঁ কয়, ‘‘আলফাক আলোচনাৰ মেজলৈ অনাটো তেওঁৰ দায়িত্ব আছিল ৷ আলফা (স্বা)ৰ সৈতে আলোচনা কৰি সমস্যাটো সমাধান কৰিব লাগিছিল ৷ প্ৰাক্তন আলফা যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছে তেওঁ কেন্দ্ৰৰ লগত আলোচনা কৰি আলফা(স্বা)ক আলোচনাৰ মেজলৈ আনিব পাৰে ৷ এনে এটা সময়ত আলফা (স্বা)ক আলোচনাৰ মাজলৈ আনিব নোৱৰাটো দুৰ্ভাগ্যজনক কথা ৷’’
বুধবাৰে লখিমপুৰত সাংবাদিকৰ সন্মুখত এনেদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে সভাপতি বৰাই ৷ তেওঁ কয়, ‘‘কংগ্ৰেছৰ দিনত বি টি আৰৰ সমস্যা সমাধান কৰা হ’ল, মিজো চুক্তি হৈছিল ৷ বৰ্তমান কেন্দ্ৰত আৰু ৰাজ্যত বিজেপি চৰকাৰ আছে ৷ প্ৰাক্তন আলফাজন মুখ্যমন্ত্ৰী হৈ থাকোতে আলফা সমস্যাটো কিয় সমাধান কৰিব পৰা নাই ? এই ক্ষেত্ৰত বিৰোধী দল হিচাপে কংগ্ৰেছে সমৰ্থন দিব ৷ প্ৰাক্তন আলফাজনে লগৰখিনিক কিয় ঘূৰাই নানে ! তেওঁ লগৰখিনিক ঘূৰাই আনিব পাৰিব লাগে ৷’’
আনহাতে লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰাক লৈ বিৰোধী ঐক্যমঞ্চত মতবিৰোধ নাই বুলি উল্লেখ কৰে এ পি চি চিৰ নেতা বৰাই ৷ ‘‘বিৰোধী ঐক্য মঞ্চৰ মিত্ৰতা কেৱল লোকসভা নিৰ্বাচনৰ বাবে নহয়, ২০২৬ ৰ বিধানসভা নিৰ্বাচন পৰ্যন্ত থাকিব ৷ যদিও অখিল গগৈয়ে প্ৰথম অৱস্থাত যোৰহাটৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল শেষত বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থতে তেওঁ প্ৰাৰ্থিত্বৰ কথা চিন্তা কৰা নাই ৷’’
লগতে পঢ়ক:Army Jawan Joins ULFA I : আলফা(স্বা)ত যোগদান কৰা পৱন নেওগৰ বাসগৃহত কেৱল কান্দোনৰ ৰোল