বিহপুৰীয়া,28 মে’: চৰকাৰে বিত্তীয় অনুমোদন দিয়াৰ পাচতেই নাৰায়ণপুৰৰ বনপুৰৈ জামগুৰিত গৰাখহনীয়া প্ৰতিৰোধৰ কাম তীব্ৰতৰ কৰি তোলা হৈছে ৷ গৰাখহনীৰ ৰোধৰ বাবে সাধাৰণ ৰাইজৰ লগতে হাতত বেলছা আৰু পাচি লৈ মথাউৰি নিৰ্মাণত ব্যস্ত হৈ পৰিছে এতিয়া বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা ৷ আনকি, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা নাৰায়ণপুৰৰ বনপুৰৈ জামগুৰিত খহনীয়া গ্ৰস্ত অঞ্চলৰ শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিহপুৰীয়াৰ নৱ-নিৰ্বাচিত বিধায়ক গৰাকীয়ে ৷
জলসম্পদ বিভাগৰ চূড়ান্ত অৱহেলাত খৰ্গহস্ত হৈ পৰিছে বিহপুৰীয়াৰ নৱ-নিৰ্বাচিত বিধায়ক গৰাকী ৷ যদি খহনীয়া প্ৰতিৰোধৰ বাবে বিধায়ক তথা জনপ্ৰতিনিধিয়ে হাতে-কামে নালাগে, তেন্তে কোনে লাগিব বুলিও মন্তব্য কৰে বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই ৷
উল্লেখ্য যে, বিগত কেইবাদিন ধৰি ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰাৰ ফলত সৃষ্টি হৈছিল তীব্ৰ খহনীয়া ৷ যাৰ বাবে ইতিমধ্যে বহুকেইখন গাঁও ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ বিপৰীতে বহু লোকে নিজৰ ঘৰ-বাৰী এৰি ঢাপলি মেলিব লগাত পৰিছে ৷ গৰাখহনীয়া ৰোধৰ বাবে বিধায়ক গৰাকীয়ে প্ৰত্যক্ষভাৱে লোৱা এনে প্ৰচেষ্টাত ইতিমধ্যে ৰাইজে শলাগ জনাইছে অঞ্চলবাসী ৰাইজে ৷ ইফালে অতি কম দিনৰ ভিতৰতে জামগুৰি গৰাখহনীয়াৰ কৱলৰ পৰা মুক্ত হ’ব বুলিও মন্তব্য কৰে বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই ৷
লগতে পঢ়ক: দিচাং নৈৰ গৰাখহনীয়াই ত্ৰাস সৃষ্টি কৰিছে খালৈঘুগুৰা বৰবামত